ETV Bharat / bharat

Silkyara Tunnel accident : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 2:07 PM IST

উত্তৰকাশীৰ নিৰ্মীয়মান সুৰংগৰ ভিতৰত বিগত ৫ দিনে আৱদ্ধ হৈ আছে ৪০ গৰাকী শ্ৰমিক । ড্ৰিলিং মেচিন ব্যৱহাৰ কৰি শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত । আৱদ্ধসকলৰ ভিতৰত আছে ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, ওড়িশা, বিহাৰ, পশ্চিমবংগ, অসম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ শ্ৰমিক ।

Silkyara Tunnel accident
উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

নেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ : যোৱা ১২ নৱেম্বৰৰ পৰা উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মীয়মান সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪০ গৰাকী শ্ৰমিক । দীপাৱলীৰ পুৱাই উত্তৰকাশীৰ চিল্কিয়াৰাত নিৰ্মীয়মান সুৰংগৰ ভিতৰত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে শ্ৰমিকসকল । শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে সুৰংগটোত গধুৰ ড্ৰিলিং মেচিনৰ জৰিয়তে যুদ্ধকালীনভাৱে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে ।

উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে ।

১২ নৱেম্বৰৰ পুৱা হঠাতে নিৰ্মীয়মান সুৰংগটোত ভূমিস্খলন হয় । ধ্বংসাৱশেষৰ বাবে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকল আৱদ্ধ হৈ পৰে । চিল্কিয়াৰাৰ সুৰংগটোত ঝাৰখণ্ডৰ সৰ্বাধিক ১৫ জন শ্ৰমিক আৱদ্ধ হৈ আছে । উত্তৰ প্ৰদেশৰ ৮ জন আৰু ওড়িশাৰ ৫ জন শ্ৰমিক সুৰংগটোত আৱদ্ধ হৈ আছে । বিহাৰৰ ৪ জন, পশ্চিমবংগৰ ৩ জন, অসম আৰু উত্তৰাখণ্ডৰ ২ জনকৈ আৰু হিমাচল প্ৰদেশৰ এজন শ্ৰমিক সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ আছে । শ্ৰমিকসকলে যোৱা ৫ দিন ধৰি চিল্কিয়াৰাৰ এই সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ আছে ।

উত্তৰাখণ্ড চৰকাৰে উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলাইছে । ইয়াৰ লগতে উদ্ধাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, এনডিআৰএফ, এছডিআৰএফ, আইটিবিপি, বিআৰঅ' আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দলে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । এই দলবোৰত ২০০ ৰো অধিক লোকে ২৪ ঘণ্টাই দিনে ৰাতিয়ে কাম কৰি আছে ।

উদ্ধাৰ অভিযানৰ আটাইতকৈ ডাঙৰ বাধা হৈছে সুৰংগৰ ভিতৰৰ ধ্বংসাৱশেষ । এতিয়ালৈকে, সুৰংগটোত ৬ বাৰকৈ ভূমিস্খলন হৈছে । যাৰ বাবে উদ্ধাৰ অভিযান কঠিন হৈ পৰিছে । এতিয়ালৈকে, ড্ৰিলিং কৰা মেচিনৰ পৰিসৰ ৪৫ মিটাৰ আছিল । সেয়েহে গধুৰ মেচিনটো দিল্লীৰ পৰা হাৰকিউলিছ বিমানৰ জৰিয়তে অনা হৈছে ।

এনডিআৰএফৰ সহকাৰী কমাণ্ডাৰ কৰমবীৰ সিঙে কোৱা মতে প্লাষ্টাৰৰ অভাৱৰ বাবে প্ৰথমে সুৰংগটোৰ ৬০ মিটাৰ খহি পৰিছিল । তেওঁ উল্লেখ কৰা মতে ৪.৫ কিলোমিটাৰ দীঘল আৰু প্ৰায় ১৪ মিটাৰ ওখ এই সুৰংগটো আৰম্ভণিৰ পৰা কেৱল ২০০ মিটাৰ পৰ্যন্ত ভিতৰলৈ প্লাষ্টাৰ কৰা হৈছিল ।

উল্লেখ্য যে এই সুৰংগটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প । ৮৫৩.৭৯ কোটি টকা ব্যয়েৰে এই সুৰংগটো নিৰ্মাণ কৰা হৈছে । বছৰৰ প্ৰতিটো সময়তে এই সুৰংগটো মুকলি থাকিব । সচৰাচৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তুষাৰপাতৰ বাবে এই পথটো প্ৰায়ে বন্ধ থাকে । এই সুৰংগটো নিৰ্মাণ হ'লে এই মাহবোৰতো লোকসকলে মুক্তভাৱে চলাচল কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :Uttarkashi Tunnel Accident : উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰকাৰ্য; অগাৰ মেচিনেৰে আবদ্ধ শ্ৰমিকক উদ্ধাৰৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.