নেশ্যনেল ডেস্ক, 12 আগষ্ট : ধৰ্ষণ পীড়িতৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে টুইটাৰ ইণ্ডিয়া(Twitter India)ই কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Congress leader Rahul Gandhi)ৰ টুইট আঁতৰাই দিয়াৰ লগতে তেওঁৰ টুইটাৰ একাউণ্টো লক কৰিছে ৷ এগৰাকী ধৰ্ষণ পীড়িতৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়(Delhi High Court)ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি টুইটাৰ ইণ্ডিয়াই বুধবাৰে আদালতক এই কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দাবী NSUI আৰু যুৱ কংগ্ৰেছৰ
ৰাহুল গান্ধীৰ টুইটে টুইটাৰৰ নীতি উলংঘা কৰিছে আৰু সেয়ে তেওঁৰ একাউন্ট লক কৰা হৈছে বুলি টুইটাৰে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰে ৷ টুইটাৰে আদালতত কয়, "ৰাহুল গান্ধীৰ টুইটে আমাৰ নীতিও উলংঘা কৰিছে, আমি ইতিমধ্যে সেই টুইটটো আঁতৰাই দিছো আৰু তেওঁৰ টুইটাৰ একাউণ্টো লক কৰা হৈছে," ৷ জানিব পৰা মতে, টুইটাৰৰ দাখিলৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙে বিষয়টো ২৭ ছেপ্টেম্বৰৰ বাবে স্থগিত ৰাখে ৷ ৰাহুল গান্ধীৰ এই টুইটৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰ বাবে পিআইএলখনে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগলৈ (এনচিপিচিআৰ) দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা বিচাৰিছে ৷
আবেদনখনে লগতে দিল্লী আৰক্ষীক কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ ধাৰাৰ অধীনত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ বাবেও নিৰ্দেশনা বিচাৰিছে ৷
লগতে পঢ়ক: দিল্লী ধৰ্ষণ কাণ্ড : ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠিছে বিশেষ অভিযোগ
উল্লেখ্য যে, নিজকে এগৰাকী সামাজিক কৰ্মী বুলি দাবী কৰা মকৰন্দ সুৰেশ মদলেকাৰ(Makarand Suresh Mhadlekar) নামৰ এগৰাকী ব্যক্তিয়ে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে হস্তক্ষেপ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৷ টুইটাৰত পীড়িত গৰাকীৰ পিতৃ-মাতৃৰ ফটো প্ৰকাশ কৰাৰ লগতে সংবেদনশীল তথ্য প্ৰকাশ কৰাৰ অভিযোগত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
লগতে পঢ়ক: ধৰ্ষণৰ পাচত নাবালিকাক হত্য়া কৰি উলিয়াই পেলালে দুটি চকু
অধিবক্তা গৌতম ঝা, শ্বেতা ঝা আৰু পংকজৰ জৰিয়তে দাখিল কৰা আবেদনখনত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে কিশোৰ ন্যায় আইন, ২০১৫ৰ ধাৰা ৭৪(section 74 of the Juvenile Justice Act, 2015 ) আৰু Protection of Children from Sexual Offences (POCSO) Act, 2012 উলংঘা কৰিছে ৷ এই দুয়োখন আইন অনুসৰি, অপৰাধৰ বলি হোৱা শিশুৰ পৰিচয় প্ৰকাশ কৰা নহ'ব ৷
লগতে পঢ়ক: #JeeneDo: কিশোৰী ধৰ্ষণক লৈ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে গোৱাত প্ৰতিবাদ