ETV Bharat / bharat

Red Fort attack case: সন্ত্ৰাসবাদী মহম্মদ আৰিফক মৃত্যুদণ্ড ছুপ্ৰিম ক’ৰ্টৰ

author img

By

Published : Nov 3, 2022, 12:49 PM IST

উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ লালকিল্লা আক্ৰমণৰ গোচৰত এলইটি সন্ত্ৰাসবাদী মহম্মদ আৰিফৰ মৃত্যুদণ্ড নিশ্চিত কৰিছে (SC death sentence to Red Fort attack terrorist) ।

SC
সন্ত্ৰাসবাদী মহম্মদ আৰিফক মৃত্যুদণ্ড ছুপ্ৰিম ক’ৰ্টৰ

নিউজ ডেস্ক, ৩ নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে ২০০০ চনৰ লালকিল্লা আক্ৰমণৰ গোচৰত এলইটি সন্ত্ৰাসবাদী মহম্মদ আৰিফ (LeT terrorist Mohammad Arif) ওৰফে আছফাকৰ মৃত্যুদণ্ডৰ শাস্তি নিশ্চিত কৰিছে (SC death sentence to Red Fort attack terrorist) । উল্লেখ্য, উক্ত আক্ৰমণৰ ঘটনাত দুজন সেনা জোৱানসহ তিনিজন লোক নিহত হৈছিল (Red Fort attack case) । উচ্চতম ন্যায়ালয়ে (Supreme Court of India) বৃহস্পতিবাৰে তেওঁৰ শাস্তি পুনৰীক্ষণৰ আবেদন নাকচ কৰিছে ।

উল্লেখ্য, অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদী মহম্মদ আৰিফে ২০০০ চনৰ ২২ ডিচেম্বৰত লালকিল্লাত নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল আৰু সপ্তম ৰাজপুতনা ৰাইফলছৰ (7th Rajputana Rifles) তিনিজন সেনা জোৱানক গুলীয়াই হত্যা কৰিছিল ।

মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত (Chief Justice Uday Umesh Lalit) আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত কয় যে আদালতে ইলেক্ট্ৰনিক ৰেকৰ্ড বিবেচনা কৰাৰ আবেদন গ্ৰহণ কৰিছে । আমি উক্ত আবেদন গ্ৰহণ কৰিছোঁ যে ইলেক্ট্ৰনিক ৰেকৰ্ডবোৰ বিবেচনালৈ আনিব লাগে । তেওঁৰ অপৰাধ প্ৰমাণিত হৈছে । সেয়ে আমি এই আদালতৰ দ্বাৰা লোৱা আমাৰ দৃষ্টিভংগী নিশ্চিত কৰোঁ আৰু পুনৰীক্ষণ আবেদন নাকচ কৰোঁ । বিচাৰপীঠে লগতে কয় ।

উল্লেখ্য, 2000 চনৰ 22 ডিচেম্বৰ তাৰিখে লালকিল্লাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত আৰিফ এজন অন্যতম অভিযুক্ত আছিল । উক্ত নিৰ্বিচাৰ গুলীচালনাৰ ফলত তিনিজনৰ মৃত্যু হৈছিল (Red Fort attack case 2000) । নিজৰ আদেশত উচ্চতম ন্যায়ালয়ে কয়, "আমি আবেদন গ্ৰহণ কৰিছোঁ যে ইলেক্ট্ৰনিক ৰেকৰ্ডবোৰ বিবেচনাত ৰাখিব লাগে । তেওঁৰ অপৰাধ প্ৰমাণিত হৈছে । আমি এই আদালতৰ দ্বাৰা লোৱা দৃষ্টিভংগী নিশ্চিত কৰোঁ আৰু পুনৰীক্ষণ আবেদন নাকচ কৰোঁ ।"

২০০০ চনৰ ২২ ডিচেম্বৰত লালকিল্লাৰ আক্ৰমণত দুজন সেনা জোৱানসহ তিনিজন লোক নিহত হৈছিল । আনহাতে, 2011 চনৰ 10 আগষ্টত 2005 চনত এক সত্ৰ আদালতে তেওঁক প্ৰদান কৰা মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই কৰা আপীল উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে আৰু আৰিফৰ মৃত্যুদণ্ড বাহাল ৰাখে । উল্লেখ্য, দিল্লী উচ্চ ন্যায়ালয়ে সত্ৰ আদালতৰ মৃত্যুদণ্ডৰ আদেশ নিশ্চিত কৰিছিল । ইফালে 2014 চনত দেশৰ শীৰ্ষ ন্যায়ালয়ে তেওঁৰ মৃত্যুদণ্ড স্থগিত ৰাখিছিল ।

উল্লেখ্য, পাকিস্তানৰ এবোট্টাবাদৰ আৰিফক সপ্তদশ শতিকাৰ স্মৃতিস্তম্ভত প্ৰৱেশ কৰা আৰু ৰাজপুতনা ৰাইফলছৰ সপ্তম বেটেলিয়নৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা ছয়জন সন্ত্ৰাসবাদীৰ ভিতৰত এজন বুলি ধৰা হৈছিল ।

লগতে পঢ়ক :Gujarat Election 2022 : কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.