নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : বেংকিং নিয়ন্ত্ৰণ আইন উলংঘা কৰা আৰু ঋণ লওতা কোম্পানীবোৰত 30% তকৈ অধিক শ্বেয়াৰ ৰখাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ষ্টেট বেংকক এক কোটি টকাৰ জৰিমনা বিহিছে ৷
আৰবিআয়ে দুটা পেমেণ্ট চিষ্টেম অপাৰেটৰৰ ওপৰত জৰিমনা আৰোপ কৰে ৷ সেয়া হৈছে- টাটা কমিউনিকেশ্বনপেমেণ্ট চলিউশ্যন (TCPSL) আৰু এপনিট টেকন'লজিছ ৷

বগা লেবেলৰ এটিএম নিয়োজনৰ নিৰ্দেশনা পূৰণ নকৰাৰ বাবে টিচিপিএছএলক 2 কোটি টকাৰ জৰিমনা বিহা হৈছিল ৷ এস্ক্ৰ' একাউণ্ট বেলেঞ্চ আৰু মুঠ মূল্যৰ প্ৰয়োজনীয়তাৰ তত্বাৱধানৰ ওপৰত আৰবিআইৰ নিয়ম অনুসৰণ নকৰাৰ বাবে এপ্পিটক শাস্তি প্ৰদান কৰা হৈছিল ৷
প্ৰেছ বিজ্ঞপ্তি অনুসৰি, 2018 চনৰ 31 মাৰ্চ আৰু 2019 চনৰ 31 মাৰ্চত SBI ৰ বিত্তীয় স্থিতি সাপেক্ষে RBI য়ে বেংকৰ (ISE) নীতি-নিয়মসমূহ পৰিদৰ্শন কৰাত এই অনিয়মবোৰ ধৰা পৰিছিল ৷ SBI য়ে বেংকিং নিয়ন্ত্ৰণ আইনৰ 19 নম্বৰ ধাৰা উলংঘন কৰে, য’ত কোৱা হৈছে কোনো বেংকিং কোম্পানীয়ে কোনো কোম্পানীত শ্বেয়াৰ ৰাখিব নোৱাৰিব ৷
লগতে চাওক : বৰহাটস্থিত ষ্টেট বেংকত বাংলা ভাষা ব্যৱহাৰক লৈ উত্তপ্ত পৰিস্থিতি