ETV Bharat / bharat

Ratan Tata: ক্ৰিকেটাৰ ৰছিদ খানক 10 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ সন্দৰ্ভত স্পষ্টীকৰণ ৰতন টাটাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:49 PM IST

Updated : Oct 31, 2023, 5:23 PM IST

আফগানিস্তানৰ শীৰ্ষ ক্ৰিকেটাৰ ৰছিদ খানক 10 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ সন্দৰ্ভত স্পষ্টীকৰণ ৰতন টাটাৰ ৷ সোমবাৰে এই সন্দৰ্ভত ৰতন টাটাই প্ৰত্যুত্তৰ দি এই খবৰ খাৰিজ কৰে ৷

Ratan Tata clarifies on announcing a reward
ৰছিদ খানলৈ পুৰস্কাৰ ঘোষণা কৰাৰ সন্দৰ্ভত স্পষ্টীকৰণ ৰতন টাটাৰ

নিউজ ডেস্ক, 30 অক্টোবৰ : শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰচাৰ হৈছিল যে উদ্যোগপতি ৰতন টাটাই আফগানিস্তানৰ শীৰ্ষ ক্ৰিকেটাৰ ৰছিদ খানক 10 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷ সোমবাৰে এক্স প্লেটফৰ্মত (টুইটাৰ) এই সন্দৰ্ভত ৰতন টাটাই প্ৰত্যুত্তৰ দি এই খবৰ খাৰিজ কৰে ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ক্ৰিকেটাৰৰ হৈ কথা কোৱা নাছিল আৰু এনে ফৰৱাৰ্ড মেছেজ বিশ্বাস নকৰে ৷ আচলতে কি হৈছিল...

জানিব পৰা মতে 203 চনৰ এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানে চাঞ্চল্যকৰ জয়ৰ ৰেকৰ্ড গঢ়িছিল ৷ কিন্তু শেহতীয়াকৈ একাংশ নেটিজেনে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে এই মেচৰ পিছত আফগান উদযাপনত ক্ৰিকেটাৰ ৰছিদ খানক ভাৰতৰ পতাকা হাতত লৈ থকা দেখা গৈছিল আৰু ফলত আইচিচিয়ে তেওঁক 55 লাখ টকাৰ জৰিমনা বিহে ৷ এই কথা জানিব পাৰি ৰতন টাটাই ৰছিদ খানক 10 কোটি টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে আৰু ই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

এই খবৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰতন টাটাই ৷ "কোনো খেলুৱৈৰ জৰিমনা সন্দৰ্ভত মই আইচিচি বা আন কোনো ক্ৰিকেট সংস্থাক কোনো পৰামৰ্শ দিয়া নাই ৷ কোনো খেলুৱৈৰ বাবে কোনো পুৰস্কাৰ ঘোষণা কৰা হোৱা নাই ৷ ক্ৰিকেটৰ লগত মোৰ কোনো সম্পৰ্ক নাই ৷ যদিহে আপুনি মোৰ পৰা আনুষ্ঠানিক তথ্য নাপায়, তেতিয়ালৈকে এনে হোৱাটছএপ ফৰৱাৰ্ড মেছেজ আৰু ভুৱা ভিডিঅ’ত বিশ্বাস নকৰিব ৷" এক্স প্লেটফৰ্মত টুইটাৰ) এইদৰে পোষ্ট কৰে ৰতন টাটাই ৷

চেন্নাইত অনুষ্ঠিত খেলখনত আফগানিস্তানে পাকিস্তানক পৰাস্ত কৰিছিল ৷ ইয়াৰ পিছত অনুষ্ঠিত হোৱা উদযাপনত ৰছিদ খানৰ সৈতে নাচি থকা দেখা গৈছিল টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানক ৷

লগতে পঢ়ক : ICC World Cup 2023 : ৰোহিত শৰ্মালৈ চলিত বিশ্বকাপৰ দ্বিতীয়টো মেন অফ দ্য মেচ

Last Updated : Oct 31, 2023, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.