ETV Bharat / bharat

প্ৰসংগ : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ

Schools closed in UP : অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক উপলক্ষে অহা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগীয়ে জাৰি কৰিছে এক নিৰ্দেশনা ।

Schools closed in UP
২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:32 AM IST

নেশ্যনেল ডেস্ক, ১০ জানুৱাৰী : ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সসকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব । কিয়নো উক্ত দিনা অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগীয়ে এক নিৰ্দেশনা জাৰি কৰি সদৰী কৰিছে এই তথ্য । মুখ্যমন্ত্ৰী যোগীয়ে এই সন্দৰ্ভত বিষয়াসকলক ইতিমধ্যে বহু নিৰ্দেশনাই প্ৰদান কৰিছে । একে সময়তে লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ২২ জানুৱাৰীত সকলো পৰীক্ষা পিছুৱাই দিছে ।

সকলোৰে জ্ঞাত যে, ২২ জানুৱাৰীত অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । ইয়াৰ পৰিপ্ৰেক্ষিতত পূৰ্ণগতিত প্ৰস্তুতি চলি আছে । মুখ্যমন্ত্ৰী যোগীয়ে প্ৰতিদিনে বিষয়াসকলক বহু নিৰ্দেশনা দি আছে । এই ধাৰাবাহিকত মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ২২ জানুৱাৰীত সকলো বিদ্যালয-মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে । যাতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰাম উৎসৱত অংশগ্ৰহণ কৰিব পাৰে ।

  • #UPCM @myogiadityanath ने श्री अयोध्या धाम में श्री रामलला के नवीन विग्रह के बहुप्रतीक्षित प्राण-प्रतिष्ठा समारोह से आम जनमानस के भावनात्मक जुड़ाव को देखते हुए 22 जनवरी को प्रदेश में शिक्षण संस्थाओं में अवकाश घोषित करने के निर्देश दिए हैं।

    मुख्यमंत्री जी ने इस विशिष्ट अवसर को… pic.twitter.com/JS7MRz1ea8

    — CM Office, GoUP (@CMOfficeUP) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত

একে সময়তে লক্ষ্ণৌ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা সকলো পৰীক্ষা পিছুৱাই দিছে । অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয় প্ৰশাসনে স্থগিত ৰখা সকলো পৰীক্ষাৰ সংশোধিত সূচী নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে ।

ইয়াৰ উপৰিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংযুক্ত সকলো ৫৪৫ ডিগ্ৰী মহাবিদ্যালয়ক এই দিৱস উদযাপন কৰিবলৈ নিৰ্দেশ দিছে। বিশ্ববিদ্যালয়খনে ডিগ্ৰী মহাবিদ্যালয়খনক দিয়া নিৰ্দেশত ২২ জানুৱাৰীৰ সকলো পৰীক্ষা পিছুৱাই দিয়াৰ কথা উল্লেখ কৰিছে ।

উল্লেখ্য যে, অযোধ্যাত দ্ৰুত গতিত চলি আছে শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি । ইতিমধ্যে বিদ্বান সন্তসকলে নিৰ্ধাৰণ কৰিছে প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ, সময় তথা লগন ৷ অপেক্ষা মাথোঁ ২২ জানুৱাৰীলৈহে ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত; উদ্বোধনৰ দিনা ভংগ কৰিব সৰস্বতী দেৱীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.