ETV Bharat / bharat

Madhya Pradesh Assembly Election 2023: ৰাম মন্দিৰ সনাতন ধৰ্মৰহে প্ৰতীক, কোনো ৰাজনৈতিক দলৰ নহয়: কমল নাথ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:58 PM IST

ৰাম মন্দিৰ বিজেপিৰ নহয়, আমাৰ দেশৰ ৷ ৰাম মন্দিৰ সনাতন ধৰ্মৰ প্ৰতীক ৷ এই মন্তব্য মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ ৷

Madhya Pradesh Assembly Election 2023
ৰাম মন্দিৰ সনাতন ধৰ্মৰ প্ৰতীকহে
ৰাম মন্দিৰ সনাতন ধৰ্মৰ প্ৰতীকহে

নিউজ ডেস্ক,26 অক্টোবৰ : 20 দিনৰো অধিক কম সময় আছে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ ৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ মনোনয় পত্ৰ দাখিলৰ পৰ্ব ৷ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে দাখিল কৰে মনোনয়ন পত্ৰ ৷ ছিন্দৱাৰা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ওলাই অহাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী নাথে ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷

বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয়, ‘‘ৰাম মন্দিৰ বিজেপিৰ নহয়, আমাৰ দেশৰহে ৷ ৰাম মন্দিৰ সনাতন ধৰ্মৰ প্ৰতীক ৷ বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়ে এনেদৰে কয় যেন ৰাম মন্দিৰ বিজেপি দলৰহে ৷ ৰাম মন্দিৰ আমাৰ দেশৰ মন্দিৰ আৰু ই আমাৰ সনাতন ধৰ্মৰ এক মহান প্ৰতীক ৷ ৰাম মন্দিৰ কোনো দলৰ নহয় ৷’’ ইফালে 2024 চনৰ 22 জানুৱাৰীত তাৰিখে অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰৰ প্ৰণপ্ৰতিষ্ঠা অনুষ্ঠান হ’ব ৷

আন এক প্ৰসংগত বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, 18 বছৰ ধৰি বিজেপি চৰকাৰ ক'ত আছিল ! এতিয়া নিৰ্বাচন আহিছে যে মহিলাসকলক প্ৰয়োজন হৈছে ৷ কাৰণ তেওঁলোকে মহিলাসকলক লৈ ৰাজনীতি আৰম্ভ কৰিছে ৷ মহিলাসকলৰ আস্থা আৰু বিশ্বাস হেৰুৱাইছে বিজেপিয়ে ৷ ৰাজ্যখনত নিবনুৱা, দুৰ্নীতি বৃদ্ধি পাইছে ৷ কৃষকসকলে প্ৰতিটো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হৈছে ৷ শীঘ্ৰে মধ্যপ্ৰদেশৰ লোকসকলে এই সমস্যাবোৰৰ পৰা ওলাই আহিব পাৰিব ৷

ইফালে মধ্যপ্ৰদেশত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিব পাৰিবনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নাথে কয়, ‘‘জনসাধাৰণ সিদ্ধান্ত লৈছে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৷ এজন নেতা ডাঙৰ ব্যক্তি নহয়, নেতাজনক ডাঙৰ কৰি তোলে ৰাইজেহে ৷’’

লগতে পঢ়ক:Chennai Raj Bhavan : চেন্নাইৰ ৰাজভৱনৰ বাহিৰত পেট্ৰ’ল বোমা নিক্ষেপ, ডি এম কে চৰকাৰক কটাক্ষ বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.