ETV Bharat / bharat

Juvenile Justice Amendment Bill গৃহীতৰ পাছতে স্থগিত ৰাজ্যসভা

author img

By

Published : Jul 28, 2021, 7:56 PM IST

বিৰোধীৰ হুলস্থুলৰ মাজতে আলোচনা অবিহনে ৰাজ্যসভাত গৃহীত হ'ল কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) সংশোধনী বিধেয়ক ২০২১ । মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয় যে, বিধেয়কখন গৃহীত কৰাৰ উদ্দেশ্য হৈছে দেশৰ দুৰ্বল শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত কৰা ।

Rajya Sabha adjourns after passing Juvenile Justice Amendment Bill, 2021 without discussion
বুধবাৰে কিশোৰ ন্যায় সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছতে স্থগিত ৰখা হ'ল ৰাজ্যসভা

নেশ্যনেল ডেস্ক, ২৮ জুলাই : বুধবাৰেও ৰাজ্যসভাত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । এনে পৰিস্থিতিৰ মাজতো আলোচনা অবিহনে ৰাজ্যসভাত গৃহীত কৰা হয় কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) সংশোধনী বিধেয়ক (Juvenile Justice Amendment Bill) ২০২১ । বিধেয়কখন ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰা হয় । ইয়াৰ পাছতে সদন স্থগিত ৰখা হয় ।

আনহাতে, বিধেয়কখন সন্দৰ্ভত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী(Smriti Irani)য়ে কয় যে, বিধেয়কখন গৃহীত কৰাৰ উদ্দেশ্য হৈছে দেশৰ দুৰ্বল শ্ৰেণীৰ লোকৰ অধিকাৰ সুৰক্ষিত কৰা । আইনখন শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰণয়ন কৰা হৈছিল যদিও পিছত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় । এই ক্ষেত্ৰত নথি-পত্ৰৰ কাম সম্পূৰ্ণ হ'বলৈ সাত দিনৰ প্ৰয়োজন হয় । একে সময়তে শিশুসকলৰ সুৰক্ষাৰ বিষয়তো গুৰুত্ব আৰোপ কৰিবলগীয়া হয় ।

মানুহে শিশু কল্যাণ সমিতিৰ সৈতে জড়িত হ'ব বিচাৰে । এইবাৰ সদস্যসকলক অযোগ্য ঘোষণা কৰাৰ ক্ষেত্ৰত কেতবোৰ চৰ্ত আৰোপ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সৈতে জড়িত থকা নৈতিক ভিত্তিত কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাসকলক শিশু কল্যাণ সমিতিৰ সদস্যৰ বাবে অযোগ্য বুলি ঘোষণা কৰা হোৱাৰ কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত তেওঁ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত বিচাৰাধীন এটা গোচৰৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰা অনুসৰি, পিতৃ-মাতৃয়ে কাজিয়া আৰম্ভ কৰাৰ পিছত শিশু কল্যাণ সমিতিয়ে এটি শিশুৰ চোৱা-চিতাৰ দায়িত্ব লৈছিল । জিলা দণ্ডাধীশ, কিশোৰ ন্যায় পৰিষদ, শিশু কল্যাণ সমিতি, ৰাজ্য চৰকাৰক পৰ্যাপ্ত ক্ষমতা প্ৰদান কৰা হ'ব আৰু এনে ঘটনাৰ বাবে তেওঁলোক দায়বদ্ধ হ'ব বুলি তেওঁ মন্তব্য কৰে । প্ৰতিবাদকাৰী সাংসদসকলৰ বিৰুদ্ধে মন্ত্ৰী স্মৃতি ইৰাণীয়ে এক তাচ্ছিল্যপূৰ্ণ মন্তব্য কৰে যে, বৰ্তমানৰ ৰাজনীতি এনেকুৱা যে দুৰ্বল লোকৰ বিষয়বোৰৰ প্ৰতি সদায় আকৰ্ষিত হোৱা লোকসকলে এতিয়া তেওঁলোকে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বিষয়বোৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে ।

ইৰাণীয়ে কয়, দেশৰ শিশুসকলক গুৰুত্ব দিয়া উচিত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে শিশু সমস্যা সমাধানৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে ইয়াৰ বাবে ৫০,০০০ কোটি টকা আৱণ্টন কৰা বুলি সদনত প্ৰকাশ কৰে ৷ আনহাতে ২০০৯-২০১০ চনত ৬০ কোটি টকা আৱণ্টন দিয়া হৈছিল । জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ সাংসদ ফৌজিয়া খানে কয় যে, বিধেয়কখন দেশৰ সন্তানক সুৰক্ষা দিয়াৰ বাবে গৃহীত কৰা হৈছে ।

কিন্তু এতিয়া দেশক নিজৰ বাবেহে সুৰক্ষাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰি পেগাছাছ নিৰীক্ষণ সন্দৰ্ভত আলোচনা কৰিবলৈ দাবী জনায় । বিৰোধী দলবোৰে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই পেগাছাছ, কৃষি আইন, ক'ভিডৰ বাবে সৃষ্টি হোৱা সংকট আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । একাংশ সাংসদে সদনৰ কাম চলি থকাৰ মাজতে 'বিগ ব্ৰাদাৰ ইজ ৱাচিং', 'ষ্টপ স্নুপিং', 'আমি সন্ত্ৰাসবাদী নহয়' আদি সম্বলিত প্লে'কাৰ্ড হাতত লৈ সদনৰ মজিয়াত প্ৰৱেশ কৰে ।

লগতে পঢ়ক: ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.