ETV Bharat / bharat

ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ পেৰোলৰ ম্যাদ বৃদ্ধি

author img

By

Published : Nov 7, 2020, 7:45 PM IST

প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰী এজি পেৰেৰিভালনৰ পেৰোলৰ ম্যাদ 14 দিনলৈ বৃদ্ধি কৰা হৈছে ৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই কথা ঘোষণা কৰে ৷

Rajiv assasination case AG perarivalan parole extended for 2 more weeks etv bharat news
ৰাজীৱ গান্ধীৰ হত্যাকাৰীৰ পেৰোলৰ ম্যাদ বৃদ্ধি

চেন্নাই,7 নৱেম্বৰ: ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰী এজি পেৰেৰিভালনৰ পেৰোলৰ ম্যাদ 14 দিনলৈ বৃদ্ধি কৰা হৈছে ৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এই কথা ঘোষণা কৰে ৷ পুঝাল কাৰাগাৰত বৰ্ধিত ক’ভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পেৰেৰিভালনৰ মাতৃয়ে আদালতৰ ওচৰত এক আবেদন দাখিল কৰিছিল ৷ এই আবেদনৰ ভিত্তিত আদালতে অপৰাধীগৰাকীৰ 30 দিনৰ পেৰোল মঞ্জুৰ কৰে ৷ অপৰাধীগৰাকীৰ স্বাস্থ্যজনিত কাৰণৰ উপৰিও দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে পেৰেৰিভালনৰ মাতৃ অৰপথমলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দয়া আবেদন দাখিল কৰি 90 দিনৰ বাবে পেৰোলত বিচাৰে ৷ পৰৱৰ্তী সময়ত 30 দিনৰ বাবে আদালতে পেৰোল মঞ্জুৰ কৰে ৷ সেই অনুসৰি, বিগত 9 অক্টোবৰৰ পৰা অপৰাধীগৰাকীয়ে নিজ গৃহত চিকিৎসাধীন হৈ আছে ৷

এই পেৰোলৰ ম্যাদ উকলিব 9 নৱেম্বৰত ৷ বৃক্কৰ ৰোগৰ সংক্ৰমণৰ উপৰিও অন্যান্য স্বাস্থ্যজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে অপৰাধীজনৰ বাবে ৷ সেয়ে মাতৃয়ে পুনৰ 30 দিনৰ পেৰোল দিয়াৰ বাবে আদালতৰ ওচৰত আবেদন দাখিল কৰে ৷ সেই আবেদনৰ ভিত্তিতে 6 নৱেম্বৰত ন্যায়াধীশ সুদেশ আৰু কৃষ্ণকুমাৰৰ আদালতে দুসপ্তাহলৈ অপৰাধীজনৰ পেৰোলৰ ম্যাদ বৃদ্ধি কৰাৰ ৰায় প্ৰদান কৰে ৷

লগতে চাওকঃ উৰিষ্যাত ব্ৰাউন ছুগাৰসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.