নিউজ ডেস্ক, 11 অক্টোবৰ: দেশৰ নিৰ্বাচন আয়োগে মঙলবাৰে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল যদিও ৰাজস্থানৰ ক্ষেত্ৰত নতুনকৈ সিদ্ধান্ত ল’বলগীয়া হয় ৷ প্ৰথমে অহা 23 নবেম্বৰত ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আয়োগৰ শেহতীয়া সিদ্ধান্ত অনুসৰি অহা 25 নবেম্বৰত অৰ্থাৎ পূৰ্বৰ তাৰিখৰ দুদিন পিচতহে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ নিৰ্বাচন পিচুৱাই দিয়াৰ কাৰণ জানিলে আচৰিত হ’ব আপুনিও ৷
যিদিনা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তাৰিখ আছিল, অৰ্থাৎ 23 নবেম্বৰ; সেইদিনা হৈছে দেৱউঠনী একাদশী ৷ সেইদিনটো শুভকাৰ্য সমাপনৰ বাবে উত্তম দিন হিচাপে গণ্য কৰা হয় ৷ যাৰ বাবে নিৰ্বাচন পিছুৱাবলৈ বাধ্য হ’ল নিৰ্বাচন আয়োগ ৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ প্ৰসাদে নিৰ্বাচনৰ নতুন তাৰিখ ঘোষণা কৰি কয় যে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ 23 নবেম্বৰৰ পৰিৱৰ্তে 25 নবেম্বৰত অনুষ্ঠিত হ’ব ৷ দেৱউঠনী একাদশীৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে আনকেইখন ৰাজ্যৰ নিৰ্বাচন পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব ৷
ভাৰতৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰেৰণ কৰা নিৰ্দেশনা অনুসৰি ৰাজপত্ৰিত অধিসূচনা অহা 30 অক্টোবৰত জাৰি কৰা হ’ব ৷ ইয়াৰ লগতে মনোনয়ন দাখিলৰ অন্তিম দিন হ’ব 6 নবেম্বৰ ৷ 7 নবেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ’ব ৷ ইয়াৰ লগতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 9 নবেম্বৰ ৷ 25 নবেম্বৰত ভোটগ্ৰহণ আৰু 3 ডিচেম্বৰত ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব ৷ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া আটাইকেইখন ৰাজ্যৰে ফলাফল 3 ডিচেম্বৰতেই ঘোষণা হ’ব ৷
23 নবেম্বৰত যিহেতু দেউঠানী একাদশীৰ পবিত্ৰ ক্ষণ, গতিকে সেইদিনা ৰাজস্থানত বহু সংখ্যক বিবাহ অনুষ্ঠানৰ দিন ধাৰ্য কৰা হৈছে ৷ সমগ্ৰ ৰাজ্যখনত আনুমানিক 20 হাজাৰ বিবাহ অনুষ্ঠিত হ’ব সেই দিনটোত ৷ এই বাবেই নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতে ৰাজস্থানত ভোটগ্ৰহণৰ দিন পিচুৱাবলৈ দাবী উঠে ৷ বহু কেইটা সামাজিক সংগঠন, ৰাজনৈতিক দলৰ তৰফৰ পৰা এই দাবী তোলা হৈছিল ৷ ৰাইজৰ স্বাৰ্থ জড়িত বিষয়টোক লৈ সেয়ে নিৰ্বাচন আয়োগে বিবেচনা কৰি নিৰ্বাচনৰ দিন পিছুৱাই দিয়ে ৷
লগতে পঢ়ক: Rahul Gandhis Rally in Shahdol : বিজেপি আৰু আৰএছএছৰ পৰীক্ষাগাৰ আছে মধ্যপ্ৰদেশত: ৰাহুল গান্ধী