ETV Bharat / bharat

পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক

author img

By

Published : Nov 2, 2020, 1:24 PM IST

ৰাজস্থানৰ চলিত বিধানসভা অধিবেশনত আজি উত্থাপন পাঁচখনকৈ বিল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজ্যখনে নিজাকৈ প্ৰস্তুত কৰা কৃষক আইন ৷ কেন্দ্ৰীয় চৰকাৰৰ বহু বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে এই বিধেয়ক সদনত উত্থাপন কৰিব কংগ্ৰেছে ৷

পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক
পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক

নিউজ ডেস্ক, 2 অক্টোবৰ : ৰাজস্থান বিধানসভাত চলিত অধিবেশনত আজি শূণ্যকাল আৰু প্ৰশ্নকাল অনুষ্ঠিত নহয় ৷ সদনত চৰকাৰে আজি উত্থাপন কৰিব পাঁচখনকৈ বিশেষ বিধেয়ক ৷ ইয়াৰ ওপৰত চৰ্চা হোৱাৰ পিচতেই অধিৱেশন ভংগ কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় কৃষি আইনৰ বিৰোধিতাৰে উত্থাপন কৰা ৰাজ্যখনৰ নিজা কৃষি বিধেয়ক ৷

দিনৰ 11 বজাৰ পৰাই সদনৰ কাম-কাজ আৰম্ভ হয় ৷ কিন্তু প্ৰশ্নোত্তৰ আৰু শূণ্যকাল নথকাৰ বাবে বিধায়কসকলে অন্য় সমস্যাৰ দিশত কোনো চৰ্চাত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ অৱশ্য়ে সদনত উত্থাপন কৰিবলগীয়া বিধেয়ক সন্দৰ্ভত বিধানসভাত বিধায়কৰ সংখ্যা অনুসৰি নিজা মত ৰাখিব পাৰিব সদস্যসকলে ৷

ৰাজস্থানৰ সদনত আজি উত্থাপন হ'বলগীয়া বিধেয়কসমূহৰ ভিতৰত কৃষি উপজ ব্যৱসায় আৰু বাণিজ্য সংবৰ্ধন আৰু সৰলীকৰণ ৰাজস্থান সংশোধনী বিধেয়ক 2020, কৃষক সশক্তিকৰণ আৰু সংৰক্ষণ মূল্য আশ্বাসন আৰু কৃষি সেৱা চুক্তিকৰণ ৰাজস্থান সংশোধন বিধেয়ক 2020, অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধি আৰু ৰাজস্থান সংশোধন বিধেয়ক 2020, অসামৰিক প্ৰক্ৰিয়া সংহিতা ৰাজস্থান সংশোধন বিধেয়ক 2020 আৰু অতিকে গুৰুত্বপূৰ্ণ মুখত মাস্ক লগোৱা বাধ্য়তামুলক বিধেয়ক, 2020 ৷

লগতে পঢ়ক : অস্ত্ৰ -শস্ত্ৰ সহ ঝাৰখণ্ডত গ্ৰেপ্তাৰ 4 মাওবাদী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.