নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৰাজস্থান ভ্ৰমণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ আক্ৰমণ । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানৰ কৃষকসকলক ৰাহুল গান্ধীয়ে ঋণ ৰেহাই দিব বুলি প্ৰতিশ্ৰতি দিছিল আৰু সেই প্ৰতিশ্ৰতিৰ কথা দেওবাৰে স্মৃতি ইৰাণীয়ে সোঁৱৰাই দিয়ে । উল্লেখ্য যে, ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে কৃষকলক ১০ দিনৰ ভিতৰত ঋণ ৰেহাই কৰিব বুলি মুকলি প্ৰতিশ্ৰুতি দিছিল ।
দিল্লীত অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ সমৰ্থন জনাই চলিত মাহৰ ১২-১৩ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ৰাজস্থান অভিমুখে ৰাওনা হ'ব নেতাগৰাকী । কেন্দ্ৰ চৰকাৰে বলৱৎ কৰা তিনিখনকৈ নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদ সমৰ্থনৰ উদ্দেশ্যে অহা ১২-১৩ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজস্থান ভ্ৰমণ কৰিব । এই কথা টুইটযোগে জনায় ৰাজস্থানৰ কংগ্ৰেছ নেতা অজয় মেকেনে ।
ইফালে অতিমাৰী Covid-১৯ ৰ বাবে আৰ্থিকভাৱে জুৰুলা কৰা দেশবাসীক কেন্দ্ৰীয় চৰকাৰে সহায়-সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা কেন্দ্ৰীয় বাজেটত ঘোষণা কৰে স্মৃতি ইৰাণীয়ে । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেন্দ্ৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে । ইয়াৰোপৰি তেওঁ কয় যে, এই সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ওপৰত নিৰ্ভৰ কৰিব যে বৰ্ধিত মূল্যবৃদ্ধি নিয়ন্ত্ৰৰ বাবে বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতি মানিব নে নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে দিয়া অসাৰ প্ৰতিশ্ৰুতি মানি চলিব ।
লগতে পঢ়ক:গুজৰাট চৰকাৰক সমালোচনা মনীষ চিচোদিয়াৰ