নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: পাঞ্জাৱৰ কংগ্ৰেছ বিধায়ক সুখপাল খাইৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যখনত অব্যাহত আছে আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ মাজৰ সংঘাত । এই সংঘাতৰ মাজতে ৰাহুল গান্ধীয়ে অমৃতসৰ ভ্ৰমণলৈ আহিছে, য’ত তেওঁ শ্ৰী দৰবাৰ চাহাবত সেৱা ল’ব বুলি জানিব পৰা গৈছে । দুয়োটা দলৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে ৰাহুল গান্ধীৰ অমৃতসৰ ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
অৱশ্যে ৰাহুল গান্ধীৰ এই ভ্ৰমণ ব্যক্তিগত বুলি জানিব পৰাৰ লগতে এই সমগ্ৰ ভ্ৰমণৰ সময়ছোৱাত কংগ্ৰেছ নেতাগৰাকীৰ সৈতে মাত্ৰ কেইজনমানহে জ্যেষ্ঠ নেতা থাকিব বুলি দলটোৱে জানিব দিছে । ৰাহুল গান্ধীয়ে এই ব্যক্তিগত ভ্ৰমণৰ সময়ত শ্ৰী হৰমন্দিৰ চাহাবত সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলিও দলটোৱে জনায় । স্বৰ্ণ মন্দিৰৰ লংগাৰ হ’লত দান আগবঢ়াব ৰাহুলে। কংগ্ৰেছ নেতাগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।
I.N.D.I.A. মিত্ৰ জোঁট ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে পাঞ্জাৱলৈ আহিছে কংগ্ৰেছ নেতাগৰাকী । ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত স্বৰ্ণ মন্দিৰলৈ গৈছিল, যদিও ভাৰত জোড়ো যাত্ৰাৰ সময়ত দলটোৰ ভ্ৰমণসূচীত অমৃতসৰ অন্তৰ্ভুক্ত হোৱা নাছিল ৷ তথাপিও যাত্ৰা আৰম্ভ হোৱাৰ আগতেই দলটোৱে অমৃতসৰত উপস্থিত হৈছিল । তেতিয়াও কংগ্ৰেছ নেতাগৰাকীয়ে হৰমন্দিৰ চাহাব দৰ্শন কৰিছিল ।
আম আদমী পাৰ্টি আৰু কংগ্ৰেছ বিৰোধী মিত্ৰজোঁট I.N.D.I.A. ৰ অংশ যদিও পাঞ্জাৱৰ কংগ্ৰেছ নেতাসকল আপৰ সৈতে মিত্ৰতাৰ পক্ষত নহয় । আনহাতে, নৱজোৎ সিং সিদ্ধুৱে আপৰ সৈতে মিত্ৰতাক সমৰ্থন কৰিছে ।