ETV Bharat / bharat

প্ৰতিষেধক সন্দৰ্ভত চৰকাৰৰ নমনীয় ৰণনীতি: ৰাহুল গান্ধী

author img

By

Published : Apr 20, 2021, 4:02 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ক'ভিড-১৯ টীকাকৰণৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ত নমনীয় আৰু ত্বৰান্বিতৰ ৰণনীতিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ নমনীয় ৰণনীতিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । ইয়াক প্ৰতিষেধক বৈষম্য ৰণনীতি বুলি অভিহিত কৰে নেতাগৰাকীয়ে ।

চৰকাৰৰ প্ৰতিষেধক নমনীয় ৰণনীতিক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ঘোষণা কৰা মতে ১৮ বছৰৰ অধিক বয়সৰ সকলোৱে ১ মে'ৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ক'ভিড-১৯ টীকাকৰণৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ত নমনীয় আৰু ত্বৰান্বিতৰ ৰণনীতিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

নতুন ৰণনীতিৰ অধীনত প্ৰতিষেধকৰ মূল্য নিৰ্ধাৰণ, ক্ৰয়, যোগ্যতা আৰু প্ৰশাসন নমনীয় কৰা হৈছে । প্ৰতিষেধক নিৰ্মাতাসকলক তেওঁলোকৰ যোগানৰ ৫০ শতাংশ ৰাজ্য চৰকাৰ আৰু মুকলি বজাৰত পূৰ্ব-ঘোষিত মূল্যত মুকলি কৰাৰ অধিকাৰ দিয়া হৈছে ।

চৰকাৰৰ এই ঘোষণাৰ পিছতে বিৰোধীয়ে বিভিন্ন ধৰণে সমালোচনা কৰা দেখা গৈছে । কেন্দ্ৰীয় চৰকাৰৰ নমনীয় ৰণনীতিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। চৰকাৰৰ সিদ্ধান্ত সমালোচনা কৰাৰ লগতে ইয়াক প্ৰতিষেধক বৈষম্য ৰণনীতি বুলি অভিহিত কৰে । টুইটযোগে নেতাগৰাকীয়ে কয় যে ১৮-৪৫ বছৰলৈ কোনো বিনামূলীয়া প্ৰতিষেধক নাই, মূল্য নিয়ন্ত্ৰণৰ বাবে মধ্যভোগীক দায়িত্ব দিয়া হৈছে, দৰিদ্ৰ শ্ৰেণীৰ বাবেও প্ৰতিষেধকৰ কোনো প্ৰতিশ্ৰুতি নাই ।

লগতে পঢ়ক: হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.