নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল: দেশত মহামাৰী কৰ'ণাৰ বিভীষিকা অব্যাহত থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলৰ সমূহ কৰ্ম-কৰ্তাক সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে । সাম্প্ৰতিক সময়ত দেশত তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । গতিকে এই সংকটৰ কালত দলৰ তৰফৰ পৰা সহায় কৰিবলৈ দেওবাৰে টুইটাৰযোগে অনুৰোধ জনায় ৰাহুল গান্ধীয়ে ।
'ব্যৱস্থা বিফল হৈছে । গতিকে সকলোৰে প্ৰাণ ৰক্ষা কৰাটো জৰুৰী । এই সংকটৰ সময়ত দেশক দায়িত্বশীল নাগৰিকৰ প্ৰয়োজন । মই মোৰ দলৰ সহ-কৰ্মীসকলক সকলো ৰাজনৈতিক কাম-কাজৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছো । সকলোকে সহায় কৰক আৰু দেশবাসীৰ এই জটিল সন্ধিক্ষণৰ পৰা উদ্ধাৰ কৰক' এইদৰে টুইটাৰযোগে অনুৰোধ জনায় ৰাহুল গান্ধীয়ে ।
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩,৪৯,৬৯১ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৭৬৭ গৰাকী কৰ'ণা ৰোগীৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত ২৪ ঘণ্টাত মুঠ ২,১৭,১১৩ গৰাকী ৰোগী হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে । সম্প্ৰতি দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৬৯,৬০,১৭২ । আৰোগ্য হোৱাৰ সংখ্যা মুঠ ১,৪,৮৫,১১০ । বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ১,৯২,৩১১ গৰাকীয়ে । বৰ্তমানেও দেশত সক্ৰিয় ঘটনা আছে ২৬,৮২,৭৫১ টা ।
লগতে পঢ়ক: ক'ভিড সম্পৰ্কে ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ টুইটাৰ কৰ্তৃপক্ষ