ETV Bharat / bharat

Rahul Gandhi USA Visit: ৰাহুল গান্ধীৰ ৰেলীত খালিস্তানী শ্লোগান; বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধ

author img

By

Published : May 31, 2023, 7:59 PM IST

ৰাহুল গান্ধীৰ উপস্থিতিত খালিস্তানী শ্লোগান দিয়া হৈছিল (Khalistan slogan at Rahul Gandhi programme) । কিন্তু শ্লোগান দিয়া সত্বেও ৰাহুল গান্ধীয়ে হাঁহি আছিল । হাঁহি হাঁহি তেওঁ কয় যে ঘৃণাৰ বজাৰতো এখন প্ৰেমৰ দোকান আছে । বিজেপিয়ে ৰাহুলৰ এই স্থিতিৰ ওপৰতেই এতিয়া তীব্ৰ আক্ৰমণ চলাইছে ।

Rahul Gandhi USA Visit
Rahul Gandhi USA Visit

নিউজ ডেস্ক, ৩১ মে' : কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে (Rahul Gandhi USA visit) । আমেৰিকাত তেওঁ কেলিফ'ৰ্ণিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে (Rahul Gandhi speech at California University) । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি থকা অৱস্থাতে কিছু লোকে খালিস্তানৰ সমৰ্থনত শ্লোগান দিয়ে । কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ কোনো প্ৰত্যুত্তৰ নিদিয়াৰ অভিযোগ উঠিছে । ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে হাঁহি হাঁহি কয় যে ঘৃণাৰ বজাৰতো প্ৰেমৰ দোকান আছে ।

ৰাহুল গান্ধীৰ এই ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈ আছে । লগতে ভিডিঅ'টো প্ৰকাশ হোৱাৰ পিচতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ (BJP slams Rahul Gandhi on pro khalistani slogan) । কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাবে লৈ বিজেপিৰ আইটি চেলৰ সভাপতি অমিত মালব্যই কয় যে ১৯৮৪ চনত কংগ্ৰেছ দলে যি ঘৃণাৰ জুই জ্বলাইছিল, সেয়া এতিয়াও নিৰ্বাপিত হোৱা নাই । তেওঁ লগতে ৰাহুল গান্ধীৰ ভাষণৰ এটা অংশও টুইট কৰে (pro khalistani slogan at Rahul Gandhi meeting) ।

ইয়াৰ কিছু সময় পিচতে কংগ্ৰেছ দলে বিজেপিক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । এই সন্দৰ্ভত দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে কয় যে বিজেপি ইমান তললৈ নামি গৈছে যে দলটোৱে খালিস্তানপন্থী উপাদানসমূহৰ সমৰ্থন লৈছে । ‘‘ৰাহুল গান্ধীৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ আপোনালোকে খালিস্তানক কিয় সমৰ্থন কৰিছে ? আপোনালোকে অন্তৰত ভাৰতক খণ্ড-বিখণ্ড কৰাৰ ইচ্ছা কিয় জাগিছে ?’’

আনহাতে, চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে ৰাহুল গান্ধীৰ হাঁহিত আচৰিত হোৱা বুলি ব্যক্ত কৰে । বিবেক অগ্নিহোত্ৰীয়ে ৰাহুল গান্ধীক আনকি নগৰীয়া নক্সাল গোটৰ নেতা বুলিও উল্লেখ কৰে । তেওঁ কয় যে ৰাহুল গান্ধী বিচ্ছিন্নতাবাদীসকলৰ সৈতে আছে । বিবেক অগ্নিহোত্ৰীয়ে লগতে কয় যে যদি ৰাহুল গান্ধীয়ে এনে সময়ত হাঁহি আছে, তেন্তে ইয়াৰ অৰ্থ কি হ'ব পাৰে । আহিবলগীয়া সময় সঁচাকৈয়ে বিপজ্জনক ।

লগতে পঢ়ক :9th Years of Modi Govt : মহা জনসম্পৰ্ক অভিযান আৰম্ভ মোদীৰ; আজমীৰত কংগ্ৰেছক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.