ETV Bharat / bharat

Rahul Gandhi Defamation case: ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰাখিম; পূৰ্ণেশ মোদী

author img

By

Published : Aug 4, 2023, 5:50 PM IST

মোদী উপাধি গোচৰত বৃহৎ সকাহ পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাচতে সাংসদ পদ ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হৈছে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰছে পূৰ্ণেশ মোদীয়ে ৷

Rahul Gandhi Defamation case
Rahul Gandhi Defamation case

নেশ্যনেল ডেস্ক, 4 আগষ্ট: বিতৰ্কিত মোদী উপাধি গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰা ৰাহুল গান্ধীৰ ওপৰত আৰোপ কৰা শাস্তি স্থগিত ৰাখে ৷ উল্লেখ্য যে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিষয়ে গুজৰাট উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল ৷

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান দিয়াৰ পাচতে গোচৰদাতা পূৰ্ণেশ মোদীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দ আদৰণি জনালেও ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁ গোচৰ চলাই যাব ৷

‘‘2019 চনত, বেংগালুৰুত এক ৰেলীত কংগ্ৰেছ দলৰ তদানীন্তন মুৰব্বী ৰাহুল গান্ধীয়ে মোদী উপাধিক অপমান কৰিছিল । সেই সময়ত, আমি চুৰাট আদালতত এটা গোচৰ ৰুজু কৰিছিলো, গোচৰটোত তেওঁক দোষী সাব্যস্ত কৰিছিল আৰু দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, যিয়ে আমাৰ পক্ষত ৰায় দিছিলো । তাৰ পিচত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । আজি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ শাস্তিৰ আদেশত স্থগিতাদেশ জাৰি কৰে ৷ আমি আইনী যুঁজ অব্যাহত ৰাখিম ৷’’ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিচতে পূৰ্ণেশ মোদীয়ে সাংবাদিকৰ আগত এইদেৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইফালে উচ্চতম ন্যায়ালয়ৰ ৰায়দানে ৰাহুল গান্ধীৰ সাংসদ (MP) পদ পুনৰ ঘূৰাই পোৱাৰ পথ প্ৰশস্ত কৰিছে ৷ ন্যায়াধীশ বি আৰ গাভাই, পি এছ নৰসিংহ আৰু সঞ্জয় কুমাৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে বিচাৰ আদালতৰ ন্যায়াধীশে গোচৰটোত ৰাহুল গান্ধীৰ ওপৰত সৰ্বাধিক দুবছৰৰ শাস্তি আৰোপ কৰাৰ কোনো কাৰণ দৰ্শাব লাগিছিল ৷

বিচাৰপীঠে কয় যে বিচাৰ আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ে ৰায়দানত ৰাহুল গান্ধীক কিয় সৰ্বাধিক শাস্তি আৰোপ কৰিছে তাৰ কোনো কাৰণ দিয়া নাছিল । বিচাৰপীঠে আৰু কয় যে ৰাজহুৱা জীৱনত এজন ব্যক্তিয়ে ৰাজহুৱা ভাষণ দিয়াৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: Modi Surname Case: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ৰ বৃহৎ সকাহ; শাস্তি স্থগিতৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.