ETV Bharat / bharat

Rahul Gandhi Bharat Jodo Yatra: ভাৰত জোড়ো যাত্ৰা বিৰোধী জোড়ো যাত্ৰালৈ পৰিণত - ভাৰত জোড়ো যাত্ৰা

বিৰোধী দলক একত্ৰিত কৰাৰ লক্ষৰে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে (Rahul Gandhi Bharat Jodo Yatra) ৷ এই যাত্ৰাত বৰ্তমানলৈকে ৰাহুল গান্ধীক ভাৰতৰ বহু জ্যেষ্ঠ তথা নামী দামী কংগ্ৰেছী তথা বিৰোধী নেতাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Rahul Gandhi uniting opposition) ৷

Rahul Gandhi Bharat Jodo Yatra
বিৰোধী দলক একত্ৰিত কৰাৰ লক্ষৰে আৰম্ভ জোড়ো যাত্ৰা
author img

By

Published : Jan 3, 2023, 9:13 PM IST

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা এক প্ৰকাৰে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ বাবে ‘বিৰোধী জোড়ো’ পদযাত্ৰাত পৰিণত হৈছে (Rahul Gandhi bharat jodo yatra is opposition jodo) । মঙলবাৰে এই যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাৰ পূৰ্বে ৰাহুল গান্ধীক প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতী আৰু অখিলেশ যাদৱে আদৰণি জনাই যদিও দুয়োজন প্ৰাক্তন মিত্ৰশক্তিয়ে পদযাত্ৰা এৰি দিয়াৰ সিদ্ধান্ত লয় ।

বি এছ পিৰ মুৰব্বী মায়াৱতী (BSP chief Mayawati) আৰু এছ পিৰ সভাপতি অখিলেশ যাদৱ দুয়োগৰাকীয়ে 3 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ এই যাত্ৰাৰ ইউ পি লেগত (UP leg) অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাহুলক ধন্যবাদ জনাই চিঠি লিখিছিল ।

শেহতীয়াকৈ অখিলেশ যাদৱৰ সম্ভাব্য অংশগ্ৰহণ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি ৰাহুলে কয় যে ইউ পিত এছ পিৰ স্থিতি আঞ্চলিক দলে ৰক্ষা কৰিব লাগিব, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে যাত্ৰা এৰিব পাৰে । অৱশ্যে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে কয় যে এই যাত্ৰাৰ কেন্দ্ৰীয় ধাৰণাটো হৈছে দেশক একত্ৰিত কৰা ৷ তাৎপৰ্যপূৰ্ণভাৱে মায়াৱতী আৰু অখিলেশ দুয়োগৰাকীয়ে ৰাহুলৰ মতক সমৰ্থন কৰিছিল ।

ইয়াৰ পূৰ্বে তামিলনাডুৰ ডি এম কেয়ে (amil Nadu-based DMK) 2022 চনৰ 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল । পিচলৈ এন চি পি আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদৰ দৰে মিত্ৰশক্তিয়েও মহাৰাষ্ট্ৰত এই যাত্ৰাত যোগদান কৰে ।

লগতে পঢ়ক : Congress Bharat Jodo Yatra: ৰাহুল গান্ধীৰ সমৰ্থনত কামাল হাছান

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত এই যাত্ৰাৰ শেষৰ পৰ্যায়ৰ সময়ত অৰ্থাৎ 30 জানুৱাৰীত শ্ৰীনগৰত পদযাত্ৰা সমাপ্ত হোৱাৰ পূৰ্বে এন চি নেতা ফাৰুক আব্দুল্লা আৰু পিডিপি নেতা মেহবুবা মুফতিয়ে ৰাহুলৰ যাত্ৰাত যোগদান কৰিবলৈ সাজু হৈছে । মঙলবাৰে যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশৰ কেইঘণ্টামান পূৰ্বে ৰাহুলৰ কাষত ৰাজ্যসভাৰ সদস্য প্ৰিয়ংকা চতুৰ্বেদীয়ে খোজ কাঢ়ি গৈছিল ৷ যিয়ে দুয়োটা দলৰ মাজত ক্ৰমাৎ কাষ চাপি অহাৰ ইংগিত বহন কৰিছে ।

এই যাত্ৰা দিল্লীত প্ৰৱেশ কৰাৰ পূৰ্বে ডি এম কেৰ সাংসদ কানিমোঝিয়ে যোৱা 23 ডিচেম্বৰত চুবুৰীয়া ৰাষ্ট্ৰ হাৰিয়ানাত ৰাহুলৰ সৈতে খোজ কাঢ়ি গৈছিল । যদিও কংগ্ৰেছ আৰু ৰাহুলে বিশেষভাৱে কৈ আহিছে যে যাত্ৰাৰ উদ্দেশ্য ৰাজনৈতিক নহয়, তথাপিও 2024 চনৰ লোকসভা নিৰ্বাচনৰ বৃহত্তৰ নিৰ্বাচনী যুঁজৰ পূৰ্বে দলসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টা হিচাপে এই পদযাত্ৰাক দেখা গৈছে ।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কয়, ‘‘কংগ্ৰেছে সেই এংকৰৰ ভূমিকা পালন কৰিবলৈ সাজু হৈছে । দেশৰ বাবে বিকল্প দৃষ্টিভংগী দাঙি ধৰিবলৈ প্ৰয়োজনীয় কেন্দ্ৰীয় কাঠামো কংগ্ৰেছে দিব পাৰে । সেয়াই আমাৰ ভূমিকা । কিন্তু আমি এইটোও নিশ্চিত কৰিব লাগিব যে, বিৰোধীয়ে যাতে আৰাম অনুভৱ কৰে আৰু পাৰস্পৰিক সন্মান বৰ্তি থাকে’’ (Rahul Gandhi Bharat Jodo Yatra)।

এ আই চি চিৰ সম্পাদক বি পি সিঙৰ মতে, সামাজিক সংহতি আনিবলৈ আৰু নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ দৰে বিষয় উত্থাপন কৰিবলৈ যাত্ৰাৰ কেন্দ্ৰীয় বাৰ্তাই জনসাধাৰণ আৰু ৰাজনৈতিক দল উভয়কে পদযাত্ৰাৰ প্ৰতি আকৰ্ষণ কৰিছে ৷ 2024 চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত এই আৱেগ প্ৰতিফলিত হ’ব ।

লগতে সিঙে কয়, ‘‘আমি সাধাৰণ মানুহৰ লগতে ৰাজনৈতিক ব্যক্তিসকলৰ পৰাও এই যাত্ৰাৰ প্ৰতি ব্যাপক সমৰ্থন দেখিবলৈ পাইছো । এই যাত্ৰাৰ সমৰ্থনত কেইবাটাও বিৰোধী দল ওলাই আহিছে আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই একত্ৰিত হোৱাটো নিশ্চিতভাৱে প্ৰতিফলিত হ’ব’’ ।

লগতে পঢ়ক : Bharat Jodo Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত যোগদান ফাৰুক আব্দুল্লাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.