ETV Bharat / bharat

Hunt for Amritpal Singh: ২০ মাৰ্চলৈ পঞ্জাৱত ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ - Punjab police flag march

পঞ্জাৱত ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা ২০ মাৰ্চলৈ বৃদ্ধি (Internet ban extended in Punjab)। এই সময়ত এছএমএছ সেৱাও বন্ধ থাকিব । কেৱল ভইচ কলৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাই । অমৃতপালৰ সন্ধানত পঞ্জাৱ আৰক্ষীৰ অভিযান অব্যাহত ।

Hunt for Amritpal Singh
২০ মাৰ্চলৈ পঞ্জাৱত ইণ্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ
author img

By

Published : Mar 19, 2023, 5:30 PM IST

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : পঞ্জাৱত ইতিমধ্যে খালিস্তান সমৰ্থকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে চৰকাৰে (Operation against Khalistan supporters)। খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অনুসন্ধান চলাই আছে আৰক্ষীয়ে । ইয়াৰ মাজতে চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা । পঞ্জাৱ চৰকাৰে ইণ্টাৰনেট আৰু এছএমএছ সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে (Internet service banned in Punjab)। সোমবাৰলৈ এই নিষেধাজ্ঞা বৃদ্ধি কৰিছে চৰকাৰে ।

পঞ্জাৱ চৰকাৰে জনাইছে যে পঞ্জাৱৰ আঞ্চলিক অধিকাৰ ক্ষেত্ৰত বেংকিং আৰু মোবাইল ৰিচাৰ্জৰ বাহিৰে আন মোবাইল নেটৱৰ্কত প্ৰদান কৰা ইণ্টাৰনেট, এছএমএছ সেৱা আৰু আন সেৱা স্থগিত ৰখা হৈছে (SMS service banned in Punjab till march 20)। একে সময়তে, ভইচ কলৰ বাহিৰে সকলো ডংগল আৰু ইণ্টাৰনেট সেৱা ২০ মাৰ্চৰ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হৈছে ।

চৰকাৰে যিকোনো ধৰণৰ উৰাবাতৰি প্ৰতিৰোধ কৰাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে (Punjab govt notice on internet ban)। নিৰ্দেশ অনুসৰি ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে । সমান্তৰালকৈ অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে ৰাজ্যখনত ব্যাপক অভিযান অব্যাহত আছে ।

চৰকাৰী নিৰ্দেশ অনুসৰি সকলো মোবাইল ইণ্টাৰনেট সেৱা ক্ৰমে ২জি, ৩জি, ৪জি, ৫জি, চিডিএমএ, জিপিআৰএছ সেৱা বন্ধ থাকিব । সকলো এছএমএছ সেৱা (বেঙ্কিং আৰু ম'বাইল ৰিচাৰ্জৰ বাহিৰে) আৰু মোবাইল নেটৱৰ্কত প্ৰদান কৰা সকলো ডংগল সেৱা বন্ধ থাকিব । যিকোনো হিংসা প্ৰতিৰোধৰ বাবে ২০ মাৰ্চলৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

ইফালে, পঞ্জাৱ আৰক্ষীয়ে এছএছপি নগৰ আৰু এছএছপি গ্ৰাম্যৰ নেতৃত্বত জলন্ধৰত এক ফ্লেগ মাৰ্চ কৰিছে (Punjab police flag march)। সেই উপলক্ষে পঞ্জাৱ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে বৰ্তমান চহৰখনত সকলো নিয়ন্ত্ৰণত আছে । ইয়াৰ উপৰিও, তেওঁ অমৃতপালৰ বিষয়েও কয় যে আৰক্ষীয়ে নিৰন্তৰ তালাচী অভিযান চলাই আছে । প্ৰতিটো ক্ষেত্ৰতে চোকা দৃষ্টি ৰখা হৈছে । আৰক্ষীয়ে জনোৱা মতে অভিযানত জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো জড়িত হৈ আছে ।

লগতে পঢ়ক :Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.