ETV Bharat / bharat

নিজ ৰাজ্য়ৰ প্ৰতিবাদী কৃষকৰ সহায়ৰ বাবে পঞ্জাৱৰ মুখ্য়মন্ত্ৰীৰ বিশেষ পদক্ষেপ

author img

By

Published : Feb 2, 2021, 7:32 PM IST

ট্ৰেক্টৰ ৰেলীত সন্ধানহীন হোৱা কৃষকৰ উদ্ধাৰৰ বাবে ১১২ হেল্পলাইন নম্বৰ মুকলি কৰিলে পঞ্জাৱ চৰকাৰে লগতে আন্দোলনৰ সময়ত বিভিন্ন গোচৰত আটক হোৱা কৃষকৰো বিনামূলীয়া আইনী সহায় কৰিব ৰাজ্য় চৰকাৰে ।

নিজ ৰাজ্য়ৰ প্ৰতিবাদী কৃষকৰ সহায়ৰ বাবে পঞ্জাৱৰ মুখ্য়মন্ত্ৰীৰ বিশেষ পদক্ষেপ
নিজ ৰাজ্য়ৰ প্ৰতিবাদী কৃষকৰ সহায়ৰ বাবে পঞ্জাৱৰ মুখ্য়মন্ত্ৰীৰ বিশেষ পদক্ষেপ

নিউজ ডেস্ক , ২ ফেব্ৰুৱাৰী : গণতন্ত্ৰ দিৱসৰ দিনটোত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে দেশজুৰি ট্ৰেক্টৰ ৰেলীৰ আয়োজন কৰিছিল । কিন্তু এই ৰেলীৰ সময়ত দিল্লী-হাৰিয়ানা প্ৰান্তত প্ৰায় ১০০ৰো অধিক পঞ্জাৱৰ লোক সন্ধানহীন হৈছে । এই ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰি পঞ্জাৱৰ মুখ্য়মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে সোমবাৰে সন্ধানহীন লোকৰ যিকোনে তথ্য়ৰ বাবে হেল্পলাইন নম্বৰ ১১২ ঘোষণা কৰে । ইফালে কৃষক আন্দোলনৰ সময়ত বিভিন্ন গোচৰৰ সন্মুখীন হোৱা পঞ্জাৱৰ কৃষকসকলকো সহায়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্য়মন্ত্ৰী গৰাকীয়ে । তেওঁৰ নিৰ্দেশত ৰাজ্যিক এজিয়ে ৰাষ্ট্ৰীয় ৰাজধানীত গোচৰৰ সন্মুখীন হোৱা কৃষকসকলক বিনামূলীয়া আইনী সহায় প্ৰদান কৰিবলৈ ৭০ জন অধিবক্তা নিয়োগ কৰে ।

  • Punjab Government has already arranged a team of 70 lawyers in Delhi to ensure quick legal recourse to farmers booked by the Delhi police. I will personally take up the issue of missing farmers with MHA & ensure these persons reach home safely. For assistance call 112.

    — Capt.Amarinder Singh (@capt_amarinder) February 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে মুখ্য়মন্ত্ৰী গৰাকীয়ে জনোৱা মতে তেওঁৰ কেবিনেটৰ সহকৰ্মীসকলে এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰিছিল আৰু তেওঁক ব্যক্তিগতভাৱে এনে সন্ধানহীন ব্যক্তি আৰু কৃষকসকলৰ গোচৰবোৰ গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিব।

উল্লেখ যে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি সুনীল জাখাৰে মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় ৰাজধানীত আইনী গোচৰৰ সন্মুখীন হোৱা কৃষকসকলক সহায় কৰিবলৈ আহ্বান জনাইছিল । জানিব পৰা মতে দিল্লী আৰক্ষীয়ে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পাঞ্জাৱৰ প্ৰায় ৮৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু গণৰাজ্য দিৱসৰ হিংসাৰ ঘটনাৰ ক্ষেত্ৰত ৩৮ টা গোচৰ পঞ্জীয়ন কৰিছে।

লগতে পঢ়ক :উত্তৰ কাশ্মীৰত জইছ ই মহম্মদৰ দুই সহযোগী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.