ETV Bharat / bharat

পুলৱামাত প্ৰথমবাৰৰ বাবে Gas Insulated Substation সংস্থাপন - বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে গেছ ইনছুলেটেড চাবষ্টেচন

বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জম্মু-কাশ্মীৰৰ পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন কৰা হ'ল গেছ ইনছুলেটেড চাবষ্টেচন (Pulwama gets its first Gas Insulated Substation) । ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ কাম আৰম্ভ হৈছে ৷

Gas Insulated Substation in Pulwama
পুলৱামাত প্ৰথমবাৰৰ বাবে Gas Insulated Substation সংস্থাপন
author img

By

Published : Dec 30, 2021, 11:04 AM IST

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ পুলৱামাৰ লাছিপোৰাত সংস্থাপন কৰা হ'ল প্ৰথমটো গেছ ইনছুলেটেড চাবষ্টেচন (Gas Insulated Substation set up in Lassipora) । জম্মু-কাশ্মীৰ শক্তি উন্নয়ন বিভাগে কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ বাবে গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ কাম আৰম্ভ কৰিছে (Power department commissioned Gas Insulated Substation in Pulwama) ।

বিভাগীয় বিষয়াই জনোৱা অনুসৰি, শেহতীয়াকৈ লাছিপোৰাত জম্মু-কাশ্মীৰ ট্ৰেন্সমিচন কৰ্প'ৰেচন লিমিটেডৰ প্ৰথমটো গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপন কৰা হয় । বৰ্তমান জম্মু-কাশ্মীৰৰ আন কেইবাটাও স্থানত গেছ ইনছুলেটেড চাবষ্টেচন স্থাপনৰ কাম অব্যাহত আছে (GIS commissioned in Pulwama to boost electricity supply) ।

জম্মু-কাশ্মীৰ প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় পুলৱামাৰ স্থানীয় বাসিন্দাসকলে । শীতকালত কাশ্মীৰ উপত্যকাত বিদ্যুতৰ অভাৱৰ বাবে সৃষ্টি হোৱা দীৰ্ঘদিনীয়া সমস্যা গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ জৰিয়তে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে পুলৱামাবাসীয়ে ।

সংবাদ মাধ্যমৰ আগত পুলৱামাৰ স্থানীয় বাসিন্দা ইশফাক আহমেদে কয় যে, এই গেছ ইনছুলেটেড চাবষ্টেচনে কাশ্মীৰ উপত্যকাৰ বিদ্যুৎ নাটনিৰ সমস্যা সমাধান কৰিব । এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

তাহিৰ আব্দুল্লা নামৰ আন এগৰাকী বাসিন্দাই কয় যে, গেছ ইনছুলেটেড চাবষ্টেচনৰ কাম আৰম্ভ হোৱাৰ পিছত কাশ্মীৰত পাৱাৰ ট্ৰেন্সমিচন লাইন উন্নত হৈছে । তেওঁ জনোৱা মতে, শীতকালত কাশ্মীৰত সঘনাই বিদ্যুৎ কৰ্তন হৈ আহিছিল ৷ কিন্তু এতিয়াৰে পৰা সমাধান হ’ব এই সমস্যা । গেছ ইনছুলেটেড চাবষ্টেচন সকলোৰে বাবে লাভজনক হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁৰ মতে, বিশেষকৈ শিশুসকলৰ বাবে জি আই এছ অধিক লাভজনক হ'ব ৷ কিয়নো তেওঁলোকে ক'ভিড-১৯ মহামাৰীৰ বাবে অনলাইনযোগে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে । জম্মু-কাশ্মীৰ শক্তি উন্নয়ন বিভাগৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা গুলজাৰ আহমেদে জনায় যে, পাঁচ বছৰৰ বাবে গেছ ইনছুলেটেড চাবষ্টেচনৰ তত্বাৱধানৰ প্ৰয়োজন নাই । জি আই এছ সংস্থাপনৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ নাটনি প্ৰায় ৯০ শতাংশলৈ হ্ৰাস পাইছে । মুঠতে গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনে পুলৱামাবাসীক বিদ্যুতৰ সংকটৰ পৰা বহুখিনি সকাহ দিব ।

লগতে পঢ়ক: Snowfall in Sikkim : তুষাৰপাতত আৱদ্ধ 300 পৰ্যটকক উদ্ধাৰ সেনাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.