নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : শুকুৰবাৰে কৰ্ণাটকত পালন কৰা হয় ১২ ঘণ্টীয়া বন্ধ । কাবেৰী জল বিবাদৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ কানাড়াপন্থী সংগঠনসমূহে এই বন্ধৰ আহ্বান জনাইছিল । কাবেৰী নদীৰ পানী তামিলনাডুলৈ মুকলি কৰি দিয়াৰ প্ৰতিবাদকল্পেই এই বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে, বন্ধৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হয় । প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে প্ৰতিবাদকাৰীয়ে বেংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰতো প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে আৰক্ষীয়ে বিমানবন্দৰত প্ৰৱেশ কৰা প্ৰতিবাদকাৰীসকলক আটক কৰে । বিমানৰ টিকট বুকিং কৰাৰ পিছত নাম্মা কৰ্ণাটক সেনাৰ পাঁচজন কৰ্মী বিমানবন্দৰত প্ৰৱেশ কৰে । পিছত তেওঁলোকে বিমানখনত প্ৰৱেশ কৰে আৰু প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । আৰক্ষীয়ে পাঁচোজনকে আটক কৰে । এই প্ৰতিবাদকাৰীসকলে পুৱা ৯.৫০ বজাত ইণ্ডিগো বিমানৰ টিকট বুকিং কৰিছিল ।
আনহাতে, বন্ধৰ বাবে বেংগালুৰুৰ পৰা অহা-যোৱা কৰা বিমানৰ চলাচল ব্যাহত হৈছে । দিল্লী, মুম্বাই, কলকাতা, মাংগালোৰকে ধৰি মুঠ ৪১ খন বিমান বাতিল কৰা হৈছে । বেংগালুৰুলৈ অহা-যোৱা কৰা বিমানসমূহ বাতিল কৰা হৈছে । জানিব পৰা মতে, যাত্ৰীৰ অভাৱৰ বাবে ৪১ খন বিমান বাতিল কৰা হৈছে ।
ইয়াৰ পূৰ্বে কৰ্ণাটক নৱ নিৰ্মাণ সেনাৰ কৰ্মীসকলে বিমানবন্দৰত আক্ৰমণ কৰে আৰু ঘেৰাও কৰিবলৈ চেষ্টা কৰে । বিমানবন্দৰৰ এক নম্বৰ টাৰ্মিনেলৰ প্ৰস্থান গে'ট ঘেৰাও কৰিবলৈ চেষ্টা কৰা কৰ্মীসকলক আৰক্ষীয়ে আটক কৰে । আনহাতে, কানাড়াপন্থী সংগঠনসমূহৰ কৰ্মীসকলেও আৰক্ষীৰে যুঁজ দি বিমানবন্দৰটো ঘেৰাও কৰে । তেওঁলোকে তামিলনাডুলৈ কাবেৰীৰ পানী এৰি নিদিয়াৰো শ্লোগান দিয় ।
ইফালে বিমানবন্দৰৰ প্ৰৱেশ গে'টত কাৰাভে কৰ্মীসকলে কানাড়া পতাকা দাঙি শ্লোগান দিয়ে । তেনে সময়তে আৰক্ষীয়ে কাৰাভে কৰ্মীসকলক আটক কৰিবলৈ চেষ্টা কৰে আৰু ২০ জনৰো অধিক কৰ্মীক আটক কৰে । কিছু কৰ্মীক বিমানবন্দৰৰ বাহিৰতে ৰখাই জিম্মাত লয় । তাৰ পিছতে কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত আৰক্ষীৰ এক কঠোৰ নিৰাপত্তা বেষ্টনী গঢঞি তোলা হয় । বৃহৎসংখ্যক কেএছআৰপি আৰক্ষী মোতায়েন কৰা হয় । ডিৱাইএছপি নবীন কুমাৰৰ নেতৃত্বত নিৰাপত্তাৰ কাম সম্পন্ন কৰা হৈছে ।
লগতে পঢ়ক :Karnataka Bandh : তামিলনাডুক পানী এৰি দিয়াৰ বিৰোধিতা; কৰ্ণাটক বন্ধৰ ফলত বাতিল ৪৪ খন বিমানৰ যাত্ৰা