ETV Bharat / bharat

বাৰাণসীত পূজা আগবঢ়ালে প্ৰিয়ংকা গান্ধীয়ে

author img

By

Published : Feb 28, 2021, 12:06 PM IST

সন্ত ৰবিদাসৰ জন্ম জয়ন্তী উপলক্ষে বাৰাণসীত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা । মন্দিৰত পূজা-অৰ্চনা কংগ্ৰেছ নেত্ৰীগৰাকীৰ । আন আন ভক্তসকলৰ লৈতে একেলগে বহি মন্দিৰৰ প্ৰসাদ অৰ্থাৎ মধ্যাহ্ন ভোজন গ্ৰহণ প্ৰিয়ংকা গান্ধীৰ ।

বাৰাণসীৰ সন্ত ৰবিদাসৰ মন্দিৰত পূজা-অৰ্চনা প্ৰিয়ংকা গান্ধীৰ

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰবিদাস মন্দিৰত পূজা-অৰ্চনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ । শনিবাৰে সন্ত ৰবিদাসৰ জন্ম জয়ন্তী উপলক্ষে উপস্থিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী । তাৰ পাচতে আন আন ভক্তসকলৰ লৈতে একেলগে বহি মন্দিৰৰ প্ৰসাদ অৰ্থাৎ মধ্যাহ্ন ভোজন গ্ৰহণ কৰে । সন্ত ৰবিদাসৰ জন্ম জয়ন্তীত কেইবাজনো হাই প্ৰফাইল নেতা উপস্থিত হয় । প্ৰিয়ংকা গান্ধীৰ দৰ্শনৰ পূৰ্বে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত হৈছিল ৷

সন্ত ৰবিদাসে ক্ষমতা, সেৱা আৰু সদিচ্ছাৰ বাৰ্তাৰ সৈতে এক আদৰ্শ সমাজৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল । তেওঁৰ এই বাৰ্তাৰ পৰা সকলোৱে উপকৃত হওঁক বুলি প্ৰিয়ংকা গান্ধীয়ে টুইট কৰে ।

উল্লেখ্য যে, সন্ত ৰবিদাস পোন্ধৰ আৰু ষোল্লশ শতিকাত ভক্তি আন্দোলনৰ সৈতে জড়িত আছিল ৷ তেওঁৰ বাণীসমূহ গুৰু গ্ৰন্থ চাহেবত অন্তৰ্ভুক্ত কৰা হৈছে । ৰবিদাসক একৈশ শতিকাৰ ৰবিদাসীয়া ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় । ৰবিদাস জয়ন্তী প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয় ।

লগতে পঢ়ক: ত্ৰিপুৰাত চিপিএম দলৰ বৃহৎ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.