ETV Bharat / bharat

প্ৰধানমন্ত্ৰীলৈ Priyanka Gandhiৰ বিশেষ পত্ৰ

বিশেষ পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ সৈতে একেখন মঞ্চত উপস্থিত নাথাকিবলৈ প্ৰধানমন্ত্ৰীক কিয় আহ্বান জনালে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ?

Priyanka Gandhi
প্ৰধানমন্ত্ৰীলৈ Priyanka Gandhiৰ বিশেষ পত্ৰ
author img

By

Published : Nov 20, 2021, 3:18 PM IST

নেশ্যনেল ডেস্ক,২০ নৱেম্বৰ : প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ (Priyanka Gandhi Vadra) । কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ (Ajay Mishra) সৈতে একেখন মঞ্চত উপস্থিত নাথাকিবলৈ প্ৰিয়ংকা গান্ধীয়ে আহ্বান জনালে প্ৰধানমন্ত্ৰীক । যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডিজিপি সন্মিলনৰ (DGP Conference) বাবে লক্ষ্ণৌত উপস্থিত হৈছে । সেয়ে আগন্তুক অনুষ্ঠানত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীগৰাকীক তেওঁৰ অনুষ্ঠানৰ পৰা বহিষ্কাৰ কৰাৰো আহ্বান জনালে প্ৰিয়ংকা গান্ধীয়ে ।

উল্লেখ্য যে কৃষক আন্দোলন চলি থকাৰ মাজতে ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত (Lakhimpur Kheri) হিংসাত্মক ঘটনা সংঘটিত হৈছিল । য'ত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত নিহত হৈছিল কৃষকসহ ৮ গৰাকী লোক । এই ঘটনাৰ অভিযুক্ত ১৩ জনৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰও আছে ।

Priyanka Gandhi
প্ৰধানমন্ত্ৰীলৈ Priyanka Gandhiৰ বিশেষ পত্ৰ

আশীষ মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান মন্ত্ৰীগৰাকীৰ পুত্ৰ কাৰাগাৰত আছে । আটাইকেইজন অভিযুক্ত ন্যায়িক জিম্মাত আছে ।

গতিকে এগৰাকী অপৰাধীৰ পিতৃ তথা মন্ত্ৰী অজয় মিশ্ৰৰ সৈতে একেটা অনুষ্ঠানত উপস্থিত নাথাকিবলৈ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে । এখন পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীক (PM Narendra Modi) কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৈছে যে যদি প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য স্পষ্ট, তেনেহ'লে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ সৈতে একে মঞ্চত তেওঁ উপস্থিত নাথাকে । ইফালে প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে মহোবা আৰু ঝান্সি ভ্ৰমণৰ পাছতে লক্ষ্ণৌত উপস্থিত হৈছে । য'ত তেওঁ ৰাষ্ট্ৰ ৰক্ষা সমৰ্পণ পৰ্বৰ অংশ হিচাপে তিনিওটা সেৱাক স্বদেশীভাৱে নিৰ্মিত লাইট কমবেট হেলিকপ্টাৰ (LCH), ড্ৰোণ (Drone) আৰু ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চুট (electronic warfare suite) প্ৰদান কৰে ।

লগতে পঢ়ক :Tripura Municipal Election: আৰম্ভ বেলট পেপাৰৰ ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.