ETV Bharat / bharat

MP upcoming election : মধ্যপ্ৰদেশত ৰাজহুৱা সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ, ইডিৰ অভিযানক লৈ বিজেপিক সমালোচনা

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 5:37 PM IST

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে । ইডিৰ অভিযানবোৰক লৈ তেওঁ ক্ষোভিত হৈ পৰে । তেওঁ মধ্যপ্ৰদেশৰ জনতাক নিৰ্বাচনী গেৰান্টিও প্ৰদান কৰে ।

MP upcoming election
মধ্যপ্ৰদেশত ৰাজহুৱা সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰ ৰাজনৈতিক পথাৰখন অতি ব্যস্ত দেখা গৈছে । শাসক-বিৰোধীৰ বহু শীৰ্ষ নেতাই মধ্যপ্ৰদেশত ভিৰ কৰা দেখা গৈছে । কংগ্ৰেছ দলেও বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ধাৰ জিলাৰ মোহনখেদাত বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাত অংশ ল'লে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত চৰকাৰী সংস্থাসমূহৰ নিৰন্তৰ অপব্যৱহাৰ হৈ আহিছে । বিৰোধী দলসমূহৰ নেতাসকলক ই ডিৰ জৰিয়তে হাৰাশাস্তি কৰা হৈছে । তেওঁ কয় যে এতিয়া চৰকাৰৰ নিৰ্দেশত ই ডি স্বেচ্ছাচাৰী হৈ উঠিছে । বিৰোধী নেতাসকলৰ উপৰিও ই ডিয়ে এতিয়া চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পীসকলকো লক্ষ্য কৰা আৰম্ভ কৰিছে । প্ৰিয়ংকা গান্ধীয়ে কয় যে যোৱা ১৮ বছৰত মধ্যপ্ৰদেশত ২৫০ৰো অধিক কেলেংকাৰী সংঘটিত হৈছে । ই ডিয়ে কিয় এই কেলেংকাৰী কৰাসকলৰ ঘৰত তালাচী চলোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে ।

প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন কৰে- বিজেপি শাসিত ৰাজ্যসমূহত ইডিৰ অভিযান কিয় চলোৱা নহয় । চৰকাৰী সংস্থাসমূহে বিজেপিৰ হৈ কাম কৰা বিজেপি নেতা আৰু বিষয়াসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে বুলিও তেওঁ প্ৰশ্ন কৰে । মধ্যপ্ৰদেশৰ কেলেংকাৰী সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয় যে প্ৰকৃত কেলেংকাৰী কৰাসকলক মুকলি কৰি দিয়া হৈছে ।

প্ৰিয়ংকা গান্ধীৰ মতে উজ্জয়িনীৰ মহাকাল লোকত সপ্তৰ্শীমূৰ্তিৰ সৈতে জড়িত এক কেলেংকাৰী হৈছিল । তেওঁ কয় যে মধ্যপ্ৰদেশৰ শিৱৰাজ চৰকাৰৰ কাৰ্যকালত ইমান কেলেংকাৰী সংঘটিত হৈছিল যে গণনা কৰি লোক ভাগৰি পৰিব । নৰ্মদাক লৈ কেলেংকাৰী হ'ব পাৰে, মহাকাল লোকত কেলেংকাৰী হৈছে । যিসকলে ঈশ্বৰৰ সৈতে কেলেংকাৰী আৰু দুৰ্নীতি কৰিবলৈ সাহস কৰে তেওঁলোকৰ পৰা ৰাইজে কি আশা কৰা উচিত বুলিও তেওঁ প্ৰশ্ন কৰে । পৰিৱৰ্তনৰ সময় অহা নাই নেকি বুলিও প্ৰিয়ংকা গান্ধীয়ে ৰাইজক প্ৰশ্ন কৰে ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শনিবাৰে ভাৰতৰ গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দক্ষিণ এছিয়াত আজি ভাৰত আটাইতকৈ দুৰ্বল হৈ পৰিছে । তেওঁ কয় যে ভাৰতক এসময়ত গণতন্ত্ৰৰ চেম্পিয়ন বুলি গণ্য কৰা হৈছিল কিন্তু এতিয়া কৰা নহয় । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভও ধ্বংস হ'বলৈ সাজু হৈছে । দেশখনত একনায়কত্ব চলি আছে বুলি তেওঁ অভিযোগ কৰে । ইয়াৰ লগতে প্ৰিয়ংকা গান্ধীয়ে দেশত নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বিষয়সমূহো উত্থাপন কৰে ।

প্ৰিয়ংকা গান্ধীয়ে কয় যে যিবোৰ ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে । মধ্যপ্ৰদেশৰ বাবে তেওঁ পুনৰ এবাৰ গেৰান্টি পুনৰাবৃত্তি কৰে । তেওঁৰ মতে মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰ গঠন হ'লে গেৰান্টিসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ'ব ।

গেৰান্টিসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ ঋণ ৰেহাই, ১০০ টকাত ১০০ ইউনিট বিদ্যুৎ আৰু ২০০ ইউনিটত বিদ্যুৎ মাচুল আধা লোৱা হ'ব । তেওঁৰ মতে পেঞ্চন আঁচনিও তৎক্ষণাৎ কাৰ্যকৰী কৰা হ'ব । লোকসকলক ৫০০ টকাত গেছ চিলিণ্ডাৰ দিয়া হ'ব, মহিলাসকলৰ একাউণ্টলৈ ১৫০০ টকা স্থানান্তৰ কৰা হ'ব । ইফালে কৃষকসকলৰ বাবে ৫ হৰ্চ পাৱাৰৰ জলসিঞ্চনৰ বাবে বিদ্যুতৰ বিল ৰেহাই দিয়া হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :PM Modi in Rajasthan : নিৰ্বাচনমুখী ৰাজস্থানত ৫,৯০০ কোটি টকাৰ নতুন প্ৰকল্পৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.