নিউজ ডেস্ক, 22 নৱেম্বৰ: বুধবাৰে কোত্ৰী অঞ্চলত নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ দলৰ ওপৰত ব্য়াপক আক্ৰমণ চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক “বিভ্ৰান্তিকৰ পত্ৰ” বুলি অভিহিত কৰাৰ লগতে ৰাজস্থান আৰু ভিলৱাৰা জিলাত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নিৰ্দলীয়সকলকো সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে পদুম য’ত আছে তাতেই তেওঁ আছে, অৱশ্যে কংগ্ৰেছ জনবিৰোধী নীতি গ্ৰহণ কৰা আৰু জাতীয় বিৰোধী সিদ্ধান্ত লোৱা দল । তেওঁ লগতে কয় যে যদি কোনোবাই দলৰ বিৰুদ্ধে কথা কয় তেন্তে সঁচা কথা কোৱাৰ বাবেই ব্যক্তিজন ৰাজনৈতিক পাক চক্ৰত সোমাই পৰে ।
কংগ্ৰেছ দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজেশ পাইলটে এসময়ত কংগ্ৰেছৰ মংগলৰ বাবে কংগ্ৰেছ পৰিয়ালক প্ৰত্যাহ্বান জনাইছিল, তাৰ ফলস্বৰূপে কংগ্ৰেছে ‘ৰাজেশজী’ক শাস্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাজেশ পাইলট এই পৃথিৱীত নাই যদিও তেওঁৰ যুঁজ আৰু ৰক্তপাত তেওঁৰ পুত্ৰৰ ওপৰতো বিয়পি পৰিছে ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছে তুষ্টিকৰণৰ বাবে লোৱা পথে ৰাজস্থানক ধ্বংসৰ দিশে লৈ যাব । লগতে তেওঁ কয় যে কংগ্ৰেছৰ নীতি হৈছে সন্ত্ৰাসবাদীৰ প্ৰতি নম্ৰতাৰ নীতি । "কংগ্ৰেছৰ সকলো অন্ধকাৰ কাম 'লাল ডায়েৰী'ত লিপিবদ্ধ হৈছে আৰু সেইবাবেই 'লাল ডায়েৰী'ৰ নাম শুনি খঙত ৰঙা হৈ পৰে অশোক গেহলট ।" মোদীয়ে কয় ৷
তেওঁ লগতে কয় যে ৰাজস্থানৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ কংগ্ৰেছে নিজৰ বিভ্ৰান্তিকৰ পত্ৰ জাৰি কৰিছিল । এই সভাত ভিলৱাৰাৰ সাংসদ সুভাষ বাহেদিয়া, বিজেপিৰ জিলা সভাপতি প্ৰশান্ত মেৱাদা আৰু জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উপস্থিত থাকে ।
লগতে পঢ়ক: ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত জাতিগত পিয়ল সম্পাদনৰ আশ্বাস ৰাহুল গান্ধীৰ