নিউজ ডেস্ক, ৬ ডিচেম্বৰ : ডঃ বি আৰ আম্বেদকাৰৰ ৬৭ সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য আম্বেদকাৰৰ মৃত্যুদিনটোক 'মহাপৰিনিৰ্বাণ দিৱস' হিচাপে পালন কৰা হয় । এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু অন্যান্য সাংসদসকলেও বুধবাৰে সংসদ চৌহদত থকা প্ৰতিমূৰ্তিত সংবিধানৰ স্থপতিবিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ পূৰ্বে ছ'চিয়েল মিডিয়া একাউণ্টত 'এক্স'ত প্ৰধানমন্ত্ৰীয়ে লিখে, "পূজ্য বাবা চাহেব ভাৰতীয় সংবিধানৰ স্থপতি হোৱাৰ লগতে সামাজিক সম্প্ৰীতিৰ এগৰাকী অমৰ চেম্পিয়ন আছিল, যিয়ে শোষিত আৰু বঞ্চিতসকলৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল । আজি তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত মোৰ সন্মানজনক প্ৰণাম ।"
আনহাতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাবা চাহেব আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, "বাবা চাহেব ডঃ বি আৰ আম্বেদকাৰে তেওঁৰ সমগ্ৰ জীৱন এক সমতাপূৰ্ণ আৰু ন্যায়সঙ্গত সমাজ স্থাপন, ৰাষ্ট্ৰৰ প্ৰগতি, মানৱ অধিকাৰ আৰু সকলোৰে বাবে সামাজিক ন্যায়ৰ বাবে সমৰ্পণ কৰিছিল । তেওঁৰ মৃত্যু বাৰ্ষিকীত মই তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ ।"
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বাৰ্তাত কয়, 'মহাপৰিনিৰ্বাণ দিৱস'ত মই বাবাচাহেব আম্বেদকাৰ আৰু আমাৰ দেশলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে শ্ৰদ্ধা জনাইছোঁ । তেওঁৰ চিন্তা-চেতনাই লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছিল আৰু আমাৰ আগন্তুক প্ৰজন্মই ভাৰতৰ সংবিধান সৃষ্টিত তেওঁৰ ভূমিকা কেতিয়াও পাহৰিব নোৱাৰে ।"
কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বাবাচাহেবক স্মৰণ কৰি কয়, "আজি আমি মহাপৰিনিৰ্বাণ দিৱসত বাবাচাহেব ডঃ ভীম ৰাও আম্বেদকাৰক স্মৰণ কৰিছোঁ । আমাৰ সংবিধানৰ মুখ্য স্থপতিবিদ বাবাচাহেবে এক ন্যায়সঙ্গত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ বাবে গোটেই জীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল ।"
ইফালে নিজৰ বাৰ্তাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও ভাৰতীয় সংবিধানৰ স্থপতিবিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, "আমি ভাৰতীয়, প্ৰথমেও আৰু শেষতো- বাবাচাহেব ডঃ বি আৰ আম্বেদকাৰে কৈছিল । বাবাচাহেব স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব আৰু ন্যায়ৰ গণতান্ত্ৰিক নীতিৰ আজীৱন চেম্পিয়ন আছিল । তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত আমি তেওঁৰ সামাজিক পৰিৱৰ্তন আৰু সামাজিক ন্যায়ৰ ধাৰণাবোৰৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ । আমি সামূহিকভাৱে ৰাষ্ট্ৰলৈ তেওঁৰ সৰ্বশ্ৰেষ্ঠ অৱদান- ভাৰতৰ সংবিধানৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সংকল্প ল'ব লাগিব ।"
উল্লেখ্য যে ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা বাবা চাহেব আম্বেদকাৰ এগৰাকী ভাৰতীয় আইনবিদ, অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক আছিল । তেওঁ দলিতসকলৰ প্ৰতি সামাজিক বৈষম্যৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু তেওঁ নাৰী আৰু শ্ৰমিকসকলৰ অধিকাৰক সমৰ্থন কৰিছিল । ১৯৫৬ চনৰ ৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয় । বাবা চাহেব আম্বেদকাৰ এগৰাকী মেধাসম্পন্ন শিক্ষাৰ্থী আছিল । তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰিছিল ।
১৯৫৬ চনত তেওঁ চহৰখনৰ মুখ্য পানীৰ টেংকীৰ পৰা পানী আহৰণ কৰাৰ ক্ষেত্ৰত অস্পৃশ্য সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজ দিবলৈ মাহাদত এক সত্যাগ্ৰহৰ নেতৃত্ব দিছিল । ১৯৩২ চনৰ ২৫ ছেপ্টেম্বৰত আম্বেদকাৰ আৰু মদন মোহন মালব্যৰ মাজত পুনা চুক্তি নামেৰে বিখ্যাত চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিৰ বাবেই নিপীড়িত শ্ৰেণীয়ে বিধানসভাত ১৪৮ খন আসন লাভ কৰিছিল, যিটো আছিল পূৰ্বতে ৭১ খন ।
স্বাধীনতাৰ পিছত ভাৰতীয় সংবিধান প্ৰণয়ন সমিতিৰ সাতগৰাকী সদস্যৰ ভিতৰত তেৱোঁ এগৰাকী আছিল । 1990 চনত আম্বেদকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হয় । ১৯৫৬ চনৰ ৬ ডিচেম্বৰত দিল্লীস্থিত বাসগৃহত বাবা চাহেব আম্বেদকাৰৰ নিদ্ৰাৰত অৱস্থাতে মৃত্যু হয় ।
লগতে পঢ়ক :সংসদৰ শীতকালীন অধিবেশন; আজি লোকসভাত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনা