ETV Bharat / bharat

বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটোৱা ঘটনা; দুই কন্যাক ককাকক হস্তান্তৰৰ প্ৰস্তুতি - varanasi daughter mother case

বাৰাণসীত এবছৰ ধৰি মাতৃৰ মৃতদেহৰ সৈতে বাস কৰা দুই কন্যাক তেওঁলোকৰ ককাকৰ দায়িত্বত দিয়াৰ প্ৰস্তুতি চলি আছে । দুয়োগৰাকী যুৱতী তেওঁলোকৰ নিজৰ ঘৰতে থাকিব ।

daughters stayed with mother body
বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটোৱা ঘটনা
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 10:06 AM IST

নিউজ ডেস্ক, ১ ডিচেম্বৰ : বুধবাৰে সন্ধিয়া বাৰাণসীৰ লংকা আৰক্ষী থানা অঞ্চলৰ মাদাৰৱা অঞ্চলৰ এটা ঘৰৰ ভিতৰত ঊষা ত্ৰিপাঠী (৫২) নামৰ এগৰাকী এবছৰ পূৰ্বে মৃত্যু হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । এই মৃতদেহটো সম্পূৰ্ণৰূপে কংকাললৈ ৰূপান্তৰিত হৈছিল । আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁৰ দুগৰাকী কন্যা পল্লৱী আৰু বৈষ্ণৱীয়ে প্ৰায় এবছৰ ধৰি এই মৃতদেহটোৰ সৈতে বাস কৰি আছিল ।

জানিব পৰা মতে, মাতৃৰ মৃতদেহৰ সৈতে বাস কৰা এই দুগৰাকী কন্যাৰ মানসিক অৱস্থা সঠিক নহয় । দুয়োকে বৰ্তমান চুবুৰীয়াৰ ঘৰত আশ্ৰয় দিয়া হৈছে । কিন্তু আৰক্ষীয়ে এতিয়া তেওঁলোকক ককাক নানা ৰামকৃষ্ণৰ আশ্ৰয়ত ৰাখিবলৈ প্ৰস্তুতি চলাই আছে । তেওঁলোক নিজৰ ঘৰতে থাকিব, যিটো ঘৰত তেওঁলোক দুয়ো তেওঁলোকৰ মাতৃৰ কংকালৰ সৈতে এবছৰ ধৰি বাস কৰি আছিল ।

উল্লেখ্য যে পল্লৱী আৰু বৈষ্ণৱীয়ে তেওঁলোকৰ মাতৃ ঊষা ত্ৰিপাঠীক অতি ভাল পাইছিল । কিন্তু বৰ্তমান তেওঁলোক এতিয়া অকলশৰীয়া । যদিও তেওঁলোকৰ মাহীয়েক সীমা আৰু পৰিয়ালৰ আন সদস্যই তেওঁলোকক সাহস দি আছে, কিন্তু মাতৃ ঊষা ত্ৰিপাঠীৰ মৃতদেহৰ পৰা পৃথক হোৱাৰ পিছত তেওঁলোকৰ মুখত হতাশাৰ চিন স্পষ্ট হৈ পৰিছে ।

মাতৃক বাৰে বাৰে বিচাৰি থকা এই দুগৰাকী কন্যাই বাৰে বাৰে একেটা কথা কৈ আছে, "মা ক'লৈ গ'ল, তেওঁক মাতি আনক ।" ইফালে বৃহস্পতিবাৰে আৰক্ষীয়ে ঊষা ত্ৰিপাঠীৰ কংকালটোৰ মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিক পৰীক্ষা কৰাৰ চেষ্টা কৰে । কিন্তু মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নগ'ল । এতিয়া এই কংকালটোৰ মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিক পৰীক্ষা ৩ ডিচেম্বৰত কৰা হ'ব ।

আনহাতে, আৰক্ষীয়ে প্ৰকাশ কৰিছে যে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ স্বাভাৱিক যেন লাগিছে । কাশী ক্ষেত্ৰৰ ডিচিপি আৰ এছ গৌতমে কয় যে মৃত্যুৰ কাৰণ স্বাভাৱিক যেন লাগিছে । শৰীৰৰ হাড় সম্পূৰ্ণৰূপে সুৰক্ষিত । কোনো ঠাইতে হাড় ফাটি যোৱা বা ভঙা নাই । যাৰ পৰা এইটো স্পষ্ট যে মৃত্যু স্বাভাৱিক ।

কিন্তু এবছৰ ধৰি যুৱতী দুগৰাকী যিহেতু মৃতদেহৰ সৈতে আছিল আৰু মৃতদেহটো ঘৰত আছিল, সেয়েহে মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিক পৰীক্ষা কৰাটো প্ৰয়োজন । তেওঁ লগতে কয়, "বৰ্তমান আন কোনো ধৰণৰ অনুসন্ধানৰ প্ৰয়োজনীয়তা আছে বুলি ভবাৰ থল নাই । যদি পৰিয়ালৰ সদস্য বা কোনো ব্যক্তিয়ে এই বিষয়ে সন্দেহ কৰে, তেন্তে ডিএনএ বা অন্যান্য পৰীক্ষা কৰিব পাৰি ।"

লগতে পঢ়ক :বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটালে দুই কন্যাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.