ETV Bharat / bharat

Hinduist leader Praveen Togadia: কেৱল ভাৰততহে মুছলমান সুৰক্ষিত: প্ৰবীণ টোগাৰিয়া - ভাৰতত কেৱল মুছলমানহে সুৰক্ষিত

আগ্ৰাত অনুষ্ঠিত এক ব্যৱসায়ী সন্মিলনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ(International Hindu Council Agra) ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ টোগাৰিয়াৰ বিস্ফোৰক মন্তব্য(Statement of Pravin Togadia) । ভাৰতত হিন্দুতকৈ মুছলমান বেছি সুৰক্ষিত বুলি মন্তব্য কৰি টোগাৰিয়াই কয় যে ভাৰতত হিন্দুৰ কন্যাকহে ৩৫ টুকুৰা কৰা হৈছে ।

Praveen Togadia big statement about Muslims
ভাৰতত মুছলমানসকল সুৰক্ষিত বুলি মন্তব্য টোগাৰিয়াৰ
author img

By

Published : Jan 15, 2023, 6:33 PM IST

ভাৰতত মুছলমানসকল সুৰক্ষিত বুলি মন্তব্য টোগাৰিয়াৰ

নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী: উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ বিহাৰ স্কোৱেৰত শনিবাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় বাণিজ্য পৰিষদৰ এখন ব্যৱসায়ী সন্মিলন । সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ টোগাৰিয়া(International Hindu Council Agra) । উক্ত সন্মিলনতে তীব্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । টোগাৰিয়াই ভাৰতত মুছলমানসকল সুৰক্ষিত বুলি উল্লেখ কৰে(Statement of Pravin Togadia) ।

আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে মুছলমানসকলৰ মুৰব্বীসকলক বা তেওঁলোকৰ কন্যাসকলক টুকুৰা টুকুৰ কৰা হোৱা নাই(Statement of Pravin Togadia about Muslims) । হিন্দু সকলৰ ভয়ত কোনো মুছলমান লোকে বেলেগ দেশলৈ প্ৰবজন কৰিবলগীয়া হোৱা নাই । এনে পৰিস্থিতিত, মুছলমানসকল ভাৰতত দুগুণ সুৰক্ষিত বুলি উল্লেখ কৰে টোগাৰিয়াই । লগতে হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাৰিয়াই কয় যে আজি দেশৰ কন্যা নুপুৰ শৰ্মাই জেহাদীসকলৰ বাবে ঘৰ এৰি যোৱা বন্ধ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে । লগতে টোগাৰিয়াই কয় যে জেহাদীসকলে হিন্দুসকলৰ নাৰীৰ বিশ্বাস আৰু সন্মান নষ্ট কৰি অৰণ্যত সমাধিস্থ কৰিছে । এনে পৰিস্থিতিত, মুছলমানসকলৰ বাবে ভাৰত আটাইতকৈ সুৰক্ষিত দেশ হিচাপে বিবেচিত হৈছে(big statement about Muslims Agra) ।

হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাৰিয়াই আগ্ৰাৰ ব্যৱসায়ীসকলৰ সমস্যা সম্পৰ্কতো আগবঢ়াই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য(Praveen Togadia big statement about Muslims) । ভাষণপ্ৰসংগত তেওঁ কয় যে ডাঙৰ ব্যৱসায়ীসকলে গুজৰাটৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ ক্ষতি কৰে । তেওঁলোকে তেওঁলোকৰ পৰা সামগ্ৰী লোৱাৰ পিছত মূল্য পৰিশোধ নকৰে । এনে পৰিস্থিতিত, সৰু ব্যৱসায়ীসকল ডাঙৰ ব্যৱসায়ীসকলৰ পৰা ক্ষতিৰ সন্মুখীন হয় বুলি তেওঁ উল্লেখ কৰে । গুজৰাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এটা টোল-ফ্ৰী নম্বৰ মুকলি কৰাৰ কথাও উল্লেখ কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।

এতিয়া উত্তৰ প্ৰদেশৰ ব্যৱসায়ীসকলক সহযোগী হিচাপে এই অভিযানৰ সৈতে সংযুক্ত কৰা হৈছে । যিকোনো ব্যৱসায়ীয়ে ব্যৱসায়ত আন এজন ব্যৱসায়ীৰ ক্ষতি কৰিলে ব্যৱসায়ীজনক বজাৰত ব্লেকলিষ্ট কৰা হ'ব । কোনো ব্যৱসায়ীয়ে সেই ব্যৱসায়ীৰ সৈতে কোনো ব্যৱসায় কৰিব নোৱাৰিব । আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এই অভিযান সন্দৰ্ভত ব্যৱসায়ীসকলৰ সৈতে নিৰন্তৰ বৈঠক আৰু সন্মিলন অনুষ্ঠিত কৰি থকাৰ কথাও উল্লেখ কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ টোগাৰিয়াই ।

লগতে পঢ়ক: Hansraj College in Delhi: হন্সৰাজ কলেজত এতিয়াৰে পৰা নাথাকিব আমিষ আহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.