ETV Bharat / bharat

Prashant Kishor slams Nitish Kumar: নীতিশ কুমাৰক সমুখত লৈ নিৰ্বাচন জিকিব নোৱাৰে বিৰোধী ঐক্যই; প্ৰশান্ত কিশোৰ

author img

By

Published : Jun 23, 2023, 6:37 PM IST

বিৰোধী দলসমূহৰ বৈঠক সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰৰ । নীতিশ কুমাৰক সমুখত লৈ আৰু কাঁড়ৰ চিহ্নৰে কোনেও নিৰ্বাচনত জয়ী হ’ব নোৱাৰে ।

Prashant Kishor slams CM Nitish
Prashant Kishor slams CM Nitish
নীতিশ কুমাৰক কটাক্ষ প্ৰশান্ত কিশোৰৰ

নিউজ ডেস্ক, 23 জুন: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কটাক্ষ জন সূৰজৰ প্ৰতিষ্ঠাপক তথা দেশৰ এগৰাকী অন্য়তম ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ ৷ মুখ্য়মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কটুক্তি কৰি প্ৰশান্ত কিশোৰে কয় যে, প্ৰধানমন্ত্ৰী দূৰৰে কথা মুখ্য়মন্ত্ৰী হৈ থকাটোও জটিল হৈ পৰিছে নীতিশ কুমাৰৰ বাবে

তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পতাৰ আহ্বান: প্ৰশান্ত কিশোৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক নীতিশ কুমাৰ এক পৰামৰ্শ আগবঢ়ায় ৷ তেওঁ কয় যে, নীতিশ কুমাৰে 2025 চনলৈকে অপেক্ষা কৰা উচিত নহয় ৷ তেজস্বী যাদৱক তেওঁ মুখ্যমন্ত্ৰীৰ আসন এৰি দিব লাগে ৷ ৰাইজে তেজস্বী যাদৱৰ যোগ্যতা তথা পাৰদৰ্শিতা দেখি যদি ভোটদান কৰে তেন্তে মহাজোঁট বন্ধন আৰু নীতিশ কুমাৰৰ বাবে লাভদ্বায়ক হ’ব ৷

প্ৰশান্ত কিশোৰে আৰু কয় যে, বিৰোধী বৈঠকৰ পৰা নীতিশে কোনো সুবিধা লাভ নকৰে । যেতিয়া নীতিশ কুমাৰে তেওঁৰ বক্তব্যত মানি লৈছে যে তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নহয়, তেন্তে এই বৈঠক কিয় মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হৈছে ? এতিয়া নীতিশ কুমাৰৰ মুখত বা কাঁড় চিহ্নৰ দ্বাৰা নিৰ্বাচন জয়ী হ’ব পৰা কোনো নাই ।

বিহাৰ নীতিশ কুমাৰৰ সম্পত্তি নহয় : প্ৰশান্ত কিশোৰে কয় যে, নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হওক বা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মুখ হওক, সত্যটো হ’ল যে বিহাৰ নীতিশ কুমাৰৰ সম্পত্তি নহয় । নিশ্চিতভাৱে বিৰোধী দলক একত্ৰিত কৰি বৈঠকখন আয়োজন কৰিছে যদিও এই বৈঠকৰ লগত জড়িত বহু নেতা ক্ষুব্ধ হৈ পৰিছে । এই সভাৰ পৰা একো সুফল পোৱা নাযাব ।

লগতে পঢ়ক: Delhi Ordinance row : আপক সমৰ্থন সন্দৰ্ভত কংগ্ৰেছে শীঘ্ৰে ল'ব সিদ্ধান্ত

"নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব নোৱাৰে, কাৰণ ৰাহুল গান্ধী, কেজৰিৱাল তেওঁতকৈ ডাঙৰ মুখ, তেওঁলোক ডাঙৰ দল । তেনেহ'লে কিয় বিহাৰৰ দৰিদ্ৰ জনতাৰ ধনেৰে বিৰোধী দলৰ বৈঠক অনুষ্ঠিত কৰা হৈছে । কোটি কোটি টকা এই সভাৰ নামত খৰচ কৰা হৈছে । এই ধন জনসাধাৰণৰ । তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে কৌশল তৈয়াৰ কৰিব আৰু জনসাধাৰণৰ ধন খৰচ কৰিব ।" প্ৰশান্ত কিশোৰে কয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.