নেচনেল ডেস্ক, 28 মাৰ্চ : গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰমোদ সাৱন্তে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰাৰ (Pramod Sawant took oath as Goa CM) লগে লগে, ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন যুগৰ সূচনা হৈছে ৷ দ্বিতীয়বাৰৰ বাবে সাৱন্তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বগ্ৰহণ কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিলে যে, সাৱন্ত এতিয়া গোৱাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ জনপ্ৰিয় বিজেপি নেতা মনোহৰ পাৰিকাৰৰ ছাঁৰ পৰা ওলাই আহিছে (Goa New CM ) ।
মন কৰিবলগীয়া যে, প্ৰমোদ সাৱন্ত উত্তৰ গোৱাৰ শংখালীমৰ পৰা তিনিবাৰকৈ বিধায়ক হৈছে , ইয়াৰোপৰি তেওঁ এজন সুদক্ষ আয়ুৰ্বেদ চিকিৎসকো ৷ প্ৰয়াত মনোহৰ পাৰিকাৰক সাৱন্তে নিজৰ গুৰু হিচাপে বিবেচনা কৰি আহিছে ৷ উল্লেখ্য যে, ২০১২ চনৰ পৰা গোৱাৰ শাসনত থকা বিজেপিয়ে এইবাৰ ৰাজ্যখনত তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ সমাপ্ত নিৰ্বাচনত দলটোৱে এতিয়ালৈকে নিজৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ কৰে ৷
বহুকোণীয়া নিৰ্বাচনী যুঁজত দলটোৱে 40 জনীয়া বিধানসভাৰ 20 খন আসন লাভ কৰে । ২০১৯ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা শান্ত স্বভাৱৰ ৰাজনীতিবিদ সাৱন্ত নিসন্দেহে ৰাজ্যখনত দলটোৰ এই সফলতাৰ শ্ৰেয়ৰ দাবীদাৰ (Goa CM of 2022 ) ৷ ২০১২ চনত যেতিয়া পাৰিকৰে গোৱাৰ ৰাজনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিছিল তেতিয়াই বিজেপিয়ে এতিয়ালৈকে ৰাজ্যখনত নিজৰ সৰ্বশ্ৰেষ্ঠ ফলাফল হিচাপে ২১ খন আসন লাভ কৰিছিল ।
২০১৭ চনত পাৰিকাৰৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ত চাৱন্ত বিধান সভাৰ অধ্যক্ষৰূপে নিৰ্বাচিত হৈছিল । পাৰিকাৰৰ মৃত্যুৰ পিছত তেওঁক ২০১৯ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল । সাৱন্ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অতি ঘনিষ্ঠ হিচাপেও জনা যায় ৷ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম কাৰ্যকালত আৰএছ এছৰ অনুষ্ঠানতো তেওঁক অংশগ্ৰহণ কৰা দেখা গৈছিল ।
লগতে পঢ়ক : বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল এক লজ্জাজনক অধ্যায়