ETV Bharat / bharat

ঘৰুৱা বিধিৰে লওঁ আহক স্বাস্থ্যৰ যতন - ঘৰুৱা বিধি

প্ৰাচীন যুগৰ পৰাই আমাৰ সমাজত ঘৰুৱা বিধিৰে সমস্যা সমধানৰ নানা কৌশল চলি আহিছে ৷ বিশেষকৈ দেশত কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহতাৰ সময়ত তাৎক্ষণিকভাৱে উপলদ্ধ ঘৰুৱা বিধিসমূহেই আছিল মানুহৰ ভৰষা ৷

Popular Home Remedies Of 2020
ঘৰুৱা বিধিৰে লও আহক স্বাস্থ্যৰ যতন
author img

By

Published : Dec 29, 2020, 10:07 PM IST

নিউজ ডেস্ক,29ডিচেম্বৰ: প্ৰাচীন যুগৰে পৰা ভাৰতবৰ্ষত ঘৰুৱা বিধি সকলো সমস্যাৰে সমাধানৰূপে পৰিগণিত হৈ আহিছে ৷ আপোনাৰ ককা-আইতা বা মা-দেউতায়ো হয়তো আপোনাক পেট বিষ, বদহজম, চৰ্দি, কাহ, মুৰৰ বিষ,বমি আদি সমস্যাৰ বাবে পাকঘৰত থকা সামগ্ৰীসমূহ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷ বিশেষকৈ 2020 বৰ্ষত যেতিয়া সমগ্ৰ বিশ্বই ক’ভিড 19ৰ বাবে ঘোষিত লক ডাউনত ঘৰতে আৱদ্ধ হৈ আছিল, তেনেক্ষেত্ৰত তাৎক্ষণিকভাৱে উপলদ্ধ ঔষধ এই ঘৰুৱা বিধিসমূহেই আছিল ৷ গতিকে, ব’লক আমি উভটি চাও এই বৰ্ষত সৰ্বাধিক ব্যৱহৃত কেইবিধমান ঘৰুৱা বিধি ৷

Popular Home Remedies Of 2020
ঘৰুৱা বিধিৰে লও আহক স্বাস্থ্যৰ যতন

সাধাৰণ সামগ্ৰীসমূহ-

1. আদাঃ নিজৰ এন্টি-ভাইৰেল আৰু এন্টি বেক্টেৰিয়েল গুণৰ বাবে আদা সদায় এবিধ উপযুক্ত ঘৰুৱা ঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে ৷ আদাই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ুপৰিও বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা আমাৰ দেহটোক ৰক্ষা কৰে ৷

এগিলাচ গৰম পানীত এটুকুৰা আদা মিহলাই লওক ৷ ই আপোনাৰ পাচন ক্ষমতা বৃদ্ধি কৰিব ৷

আদা অলপ খুন্দি লওক আৰু ইয়াৰ গৰম পানীৰে মিহলাওক লগতে এই মিশ্ৰণটোত মৌ মিহলি কৰি লওক ৷ ই আপোনাক জ্বৰ আৰু চৰ্দিৰ পৰা পৰিত্ৰাণ দিব ৷ আপুনি ইয়াত অলপ নেমুৰসো দিব পাৰে ৷

গুড়ৰ সৈতে আদাৰ ৰস ছালৰ ৰোগৰ বাবে উপকাৰী ৷

Popular Home Remedies Of 2020
ঘৰুৱা বিধিৰে লও আহক স্বাস্থ্যৰ যতন

মৌ মিহলি আদাৰ ৰস শুকান কাহৰ বাবে উপকাৰী ৷

2. তুলসীঃ মানুহে সাধাৰণতে তুলসীক সঞ্জীৱনীৰে তুলনা কৰে কেৱল ইয়াৰ ঔষধী গুণৰ বাবে ৷ তুলসীৰ পাতটো এন্টিবায়’টিকৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হয় ৷

বতৰৰ জ্বৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এচামুচ আদা আৰু এচামুচ তুলসী পাত উতলাই লওক ৷ পানীখিনি উতলি আধা নোহোৱালৈকে উতলাই থাকক ৷ নিজৰ সোৱাদৰ বাবে আপুনি ইয়াত মৌ মিহলাব পাৰে ৷

পিঠিৰ বিষৰ বাবে এটা পাত্ৰত একাপ পানী লওক তাত 8ৰ পৰা 10 টা সজীৱ তুলসী পাত দিয়ক ৷ পানীখিনি উতলি আধা নোহোৱালৈকে গৰম কৰক ৷ এই পনীয়া পদাৰ্থখিনি ঘৰৰ তাপমাত্ৰাত ঠাণ্ডা হ’বলৈ দিয়ক ৷ সোৱাদৰ বাবে মিশ্ৰণটোত এচিকুট নিমখ দিয়ক আৰু সেৱন কৰক ৷

প্ৰতিদিনে পুৱা 8ৰ পৰা 10 টা তুলসীৰ পাত চোবাই খালে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷

Popular Home Remedies Of 2020
ঘৰুৱা বিধিৰে লও আহক স্বাস্থ্যৰ যতন

নহৰুঃ নহৰুত থকা এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ভাইৰেল পদৰ্থই বিভিন্ন ৰোগৰ কাৰক আৰু ৰোগৰ পৰা আপোনাক পৰিত্ৰাম দিব পাৰে ৷

শুকান কাহৰ বাবে 2ৰ পৰা 3 ফোট নহৰু একাপ পানীত উতলিবলৈ দিয়ক ৷ ইয়াত অলপ মৌ মিহলাই লওক ৷ মিশ্ৰণটো জেলীৰ নিচিনা হ’লে ইয়াক সেৱন কৰক ৷

বতৰৰ জ্বৰৰ সময়ত নহৰুত থকা ডাইলাইল ছালফাইডে আপোনাৰ দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে ৷ গৰম পানীত এফুট নহৰু গুৰি কৰি মিহলাই লওক আৰু 10 মিনিট পিছত ইয়াক গ্ৰহণ কৰক ৷

ককালৰ বিষৰ বাবে 4ৰপৰা 5 চামুচ নাৰিকলৰ তেলত 6 ফোট নহৰু মিহলাই লওক ৷ নহৰুখিনি মটিয়া নোহোৱা পৰ্যন্ত ভাজি লওক ৷ ইয়াৰ পিছত ইয়াক ঠাণ্ডা হ’বলৈ দিয়ক আৰু লাহেকৈ বিষৰ ঠাইখিনিত মাছাজ কৰক ৷

ইয়াৰ বাহিৰেও আপুনি মধুমেহ, উচ্চ ৰক্তচাপ, ওজন কমোৱা আদিৰ বাবে ফেনুগ্ৰীম চিড ব্যৱহাৰ কৰিব পাৰে

এছাফ’টিডা বা হিং স্নায়ুৰ ৰোগ আৰু স্বাসতন্ত্ৰ, হজন ক্ষমতা, শৌচ-প্ৰস্ৰাৱ, প্ৰজনন ক্ষমতাৰ বাবে ব্যৱহাৰ কৰিব পাৰে ৷

আপেল চাইডেড ভিনেগাৰ মধুমেহ, ওজন বৃদ্ধি, হৃদযন্ত্ৰৰ সমস্যা, ডায়েৰিয়া, চাইনাচৰ সমস্যা, ছাল,চুলি, নখৰ সমস্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ৷

নৰসিংহৰ পাত হজম সমস্যা, পুৱাৰ ছালৰ যতন, বমি বমি ভাব, মধুমেহ, চকু, ঘাঁ শুকোৱা, জ্বলা আৰু চুলি সৰাৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰিব পাৰে ৷

কিছুমান সাধাৰণ চৰ্তঃ

ক’ভিড 19 আৰু ৰোগ নিৰ্মূল ক্ষমতা বৃদ্ধি

আপোনাৰ পাকঘৰত থকা বিভিন্ন ঔষধি শাক আৰু সামগ্ৰীয়ে আপোনাক ক’ভিড 19 ৰ লগতে বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে ৷

দিনটোত গৰম পানী সেৱন কৰক ৷

আয়ুসে(AYUSH) তুলসী, ডালচেনি, জাতি জালুক, শুকান আদা, কিচমিচ আদিৰে প্ৰস্তুত কৰা কাঢ়া দিনত দুবাৰকৈ সেৱন কৰক ৷ সোৱাদৰ বাবে আপুনি গুড় আৰু নেমুৰস মিহলি কৰিব পাৰে ৷

হালধি আৰু গোল্ডেন মিল্ক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী ৷ একাপ গৰম গাখীৰত আধা চামুচ হলধি গুৰি মিহলি কৰি দিনত দুবাৰকৈ সেৱন কৰক ৷

বদহজম আৰু শকত হোৱা

ঘৰত থকা সময়ত প্ৰচুৰ পৰিমাণে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ বাবে পেটৰ বিষ, শকত হোৱা, বদহজম আদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে ৷ এই ক্ষেত্ৰত তলত কেইটামান ঘৰুৱা বিধি উল্লেক কৰা হ’লঃ

পুৱাৰ ভাগত 2 চামুচ মেথি গ্ৰহণ কৰক ৷ ই আপোনাৰ পেটৰ সমস্যা দূৰ কৰিব ৷

1 চামুচ ক’লা নিমখ, 1 চামুচ জিৰা গুৰি কৰি লওক ৷ মিশ্ৰণটো এগিলাচ পানীত মিহলি কৰি খোৱাৰ পিচত খাওক ৷

5 গ্ৰাম লং, 10 গ্ৰাম চফগুটি,10 গ্ৰাম আজৱাইন,জিৰা 10 গ্ৰাম, ক’লা নিমখ 5 গ্ৰাম একেলগে মিহলাই গুৰি কৰি লওক ৷ ভাত খোৱাৰ আধাঘন্টা পিছত আধা চামুচ গ্ৰহণ কৰক ৷ ই আপোনাৰ গেচৰ সমস্যা সমাধান কৰিব ৷

এগিলাচ গৰম পানীত 2 চামুচ আদা গুৰি মিহলাই লওক সোৱাদৰ বাবে 2ৰ পৰা 3 চামুচ মৌ মিহলাই লওক আৰু সেৱন কৰক ৷

গতিকে এই বছৰ মানুহে সাধাৰণ স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসকৰ কাষ নাচাপি ঘৰুৱা বিধিৰে ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷ বেছিভাগ ঔষধৰ পাৰ্শ্বক্ৰিয়া থাকে কিন্তু ঘৰুৱা বিধিসমূহৰ কোনধৰণৰ পাৰ্শ্বক্ৰিয়া নাথাকে ৷ ইয়াৰ ফলতে সাধাৰণ স্বাস্থ্যজনিত সমস্যাসমূহ সমাধানৰ বাবে এই ঘৰুৱা বিধিসমূহকে উপযোগী হিচাপে বিবেচিত কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.