নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিজেপি নেত্ৰী সুমিত্ৰা মহাজনৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰৰ বিৰুদ্ধে চাৰাফা আৰক্ষী থানাই এগৰাকী অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজো কৰিছে এক গোচৰ । বিজেপিৰ প্ৰাক্তন কাউন্সিলাৰ সুধীৰ দেজে দাখিল কৰা এখন প্ৰতিবেদনৰ ভিত্তিত চাৰাফা আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে ৰুজো কৰে গোচৰটো ।
উল্লেখ্য যে,ইন্দোৰৰ লোকসভাৰ প্ৰাক্তন সাংসদ সুমিত্ৰা মহাজনক অতিপাত জ্বৰত আক্ৰান্ত হোৱাত ইন্দোৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ পাচতে তেওঁৰ মৃত্যুৰ ভুৱা বাতৰি ছচিয়েল মিডিয়াত প্ৰচাৰ হৈছিল । সুমিত্ৰা মহাজনৰ মৃত্যুৰ ভাইৰেল বাতৰিটো পোৱাৰ পিছতে কংগ্ৰেছ নেতা শশী থাৰুৰকে ধৰি কেইবাজনো নেতাই সমবেদনা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল । পৰৱৰ্তী সময়ত সুমিত্ৰা মহাজনৰ পুত্ৰই এক স্পষ্টীকৰণ জৰিয়তে ইয়াক মিছা বুলি অভিহিত কৰে । সম্প্ৰতি ইন্দোৰ আৰক্ষীয়ে ধাৰা ১৮৮ ৰ অধীনত এক গোচৰ ৰুজু কৰি সুমিত্ৰা মহাজনৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ কৰা অজ্ঞাত ব্যক্তিজনৰ সন্ধানত নামি পৰিছে ।
লগতে পঢ়ক: বিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৯