নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: জম্মু কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে সেনা আৰু চিআৰপিএফৰ সৈতে যুটীয়াভাৱে অভিযান চলাই সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদৰে সম্পৰ্কিত 2টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে(JeM terrorist arrested in Pulwama) । ধৃত সন্ত্ৰাসবাদী দুটা আশ্মান্দৰৰ বাসিন্দা মহম্মদ শফি ভাটৰ পুত্ৰ আদনান শফি ভাট আৰু কৰিমাবাদৰ বাসিন্দা আব্দুল ৰছিদ শ্বেখৰ পুত্ৰ য়াৱাৰ ৰছিদ শ্বেখ বুলি চিনাক্ত কৰা হৈছে । সন্ত্ৰাসবাদী দুটাৰ পৰা অভিযানকাৰী দলটোৱে বহু আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰে(Arms And Ammunition Recovered) ।
পুলৱামা আৰক্ষীয়ে সেনাৰ 55আৰ আৰ আৰু চি আৰ পি এফৰ 182 বি এনৰ সৈতে একত্ৰিতভাৱে অভিযান চলাই জইছ ই মহম্মদৰে সম্পৰ্কিত সন্ত্ৰাসবাদী দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলে তেওঁলোকৰ ওচৰৰ পৰা 1 টা পিষ্টল, 1 টা মেগজিন, ২ টা গ্ৰেনেডসহ ১২ ৰাউণ্ড আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে(Arms And Ammunition Recovered from JeM terrorist) ৷
আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, আদনান শফি ভাট আৰু য়াৱাৰ ৰছিদ শ্বেখে জইছ ই মহম্মদৰ হৈ কাম কৰি আছিল(2 JeM terrorist arrested in Pulwama) ৷ তেওঁলোকক অঞ্চলৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাবলৈ দায়িত্ব দিয়া হৈছিল । সম্প্ৰতি পুলৱামা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ 312/2022 ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে, দেওবাৰেও জম্মু-কাশ্মীৰৰ পুলৱামা আৰু বডগামত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ দুটাকৈ সংঘৰ্ষ সংঘটিত হৈছিল । এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত ৫টা সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীকেইটা জইছ ই মহম্মদ আৰু লস্কৰ ই তৈবাৰ সৈতে জড়িত থকা বুলি জানিব সেনা সূত্ৰে জানিব পৰা হৈছে (Terrorist killed in Pulwama) । জম্মু-কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে জানিবলৈ দিয়া মতে, নিহত সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত জইছ ই মহম্মদৰ কমাণ্ডাৰো আছে । এয়া নিৰাপত্তাৰক্ষীৰ বাবে এক ডাঙৰ সফলতা বুলি তেওঁ সদৰী কৰে ।
লগতে পঢ়ক: জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ