ETV Bharat / bharat

Mother Sells Infant: 2 লাখ টকাত সদ্যোজাত সন্তানক বেচি আৰক্ষীৰ জালত মাতৃসহ 4

author img

By

Published : Jul 28, 2023, 11:40 AM IST

পৰকীয়া প্ৰেমৰ চৰম পৰিণতি ৷ নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত মাতৃসহ 4 ৷ অৱশ্যে নৱজাতকটি বিক্ৰী কৰাৰ কথা অস্বীকাৰ শিশুটিৰ মাতৃৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Mother Sells Infant
2 লাখ টকাত নৱজাতকক বিক্ৰী কৰি আৰক্ষীৰ জালত মাতৃসহ 4

নিউজ ডেস্ক, ২৮ জুলাই: কোৱা হয় মাতৃ মমতাময়ী ৷ সন্তানৰ বাবে মাতৃয়ে সকলো দুখ-কষ্ট, ককৰ্থনা-নিৰ্যাতন সহ্য কৰিব পাৰে ৷ কিন্তু যেতিয়া সেই মাতৃয়েই তেওঁ সদ্যোজাত সন্তানক টকাৰ বিনিময়ত বিক্ৰী কৰে ৷ এনে এটি ঘটনাই পোহৰলৈ আহিছে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ৷ পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ নৰেন্দ্ৰপুৰৰ আৰক্ষী থানা এলেকাত নিজ মাতৃয়েই তেওঁৰ সদ্যোজাত সন্তানক বিক্ৰী কৰে ২ লাখ টকাত ! এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই নৰেন্দ্ৰপুৰৰ আৰক্ষীয়ে হৃদয়হীনা মাতৃগৰাকীৰ লগতে কেঁচুৱাটো ‘বিক্ৰী’ কৰাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে ।

স্থানীয় এজন বাসিন্দাই দাখিল কৰা অভিযোগৰ ভিত্তিত নৰেন্দ্ৰপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি নৱজাতকটিৰ মাতৃ, প্ৰক্ৰিয়াটোৰ মধ্যস্থতা কৰা দম্পতী আৰু শিশুটি ক্ৰয় কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, মহিলাগৰাকীৰ স্বামীৰ বহু আগতেই মৃত্যু হৈছে । ইয়াৰ পিছত তেওঁ আন এজন লোকৰ লগত সম্পৰ্কলৈ আহে আৰু সেই প্ৰেমৰ বাবেই তেওঁ গৰ্ভৱতী হয় । মহিলাগৰাকীৰ ওচৰ-চুবুৰীয়াই ঘটনাটো বিষয়ে অৱগত হোৱাত তেওঁক ককৰ্থনা কৰিবলৈ আৰম্ভ কৰে । যাৰবাবে বিধৱা মহিলাগৰাকীয়ে গৰ্ভস্থ সন্তানটোক নষ্ট কৰাৰ সিদ্ধান্ত লয় ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, তপস মণ্ডল আৰু শান্তি মণ্ডল নামৰ এহাল দম্পতীয়ে এই বিষয়ে অৱগত হোৱাত বিধৱা মহিলাগৰাকীক সাক্ষাৎ কৰিবলৈ আহে । তেওঁলোকে মহিলাগৰাকীৰ সন্তানটোক পঞ্চসায়াৰ অঞ্চলৰ সন্তানহীন ঝুমা মাঝীক দিয়াৰ বাবে পতিয়ন নিয়াইছিল । এই অনুসৰি সন্তানটিৰ জন্মৰ ১১ দিনৰ পাচত ঝুমাই ঘৰলৈ লৈ আহে । নৱজাতকটি তুলি লোৱাৰ লোৱাৰ বাবে টকাৰ ব্যৱস্থা কৰিবলৈ ঝুমাই নিজৰ মাটি বিক্ৰী কৰিছিল ।

ইফালে আৰক্ষীৰ সোধা-পোছাৰ সময়ত অভিযুক্ত সকলোৱে এই ঘটনা অস্বীকাৰ কৰে । নৱজাতকটিৰ মাতৃগৰাকীৰ মতে, তেওঁ নিজৰ সন্তানটো বিক্ৰী কৰা নাছিল । নৱজাতকটিৰ ভৱিষ্যতৰ বাবে তেওঁ নিজৰ সন্তানক ঝুমাক দিছিল ৷ ইফালে ঝুমাই আৰক্ষীৰ আগত একে কথাকে উল্লেখ কৰে । তেওঁ কয়, "মই শিশুটিক কিনা নাছিলো । কেঁচুৱাটোক লৈ গৈছিলো ইয়াৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিবলৈ ।"

তেওঁ লগতে নৱজাতকটিৰ মাতৃ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ বাবে ২ লাখ টকা দিয়াৰ কথা স্বীকাৰ কৰে । কিন্তু সেই টকা কেঁচুৱাটো বিনিময়ত দিয়াৰ কথা তেওঁ অস্বীকাৰ কৰে ৷ ইফালে "কেঁচুৱা বিক্ৰী" এই প্ৰক্ৰিয়াটোৰ মধ্যস্থতা কৰা দম্পতীহালেও মধ্যস্থতাৰ বিনিময়ত কোনো টকা লোৱাৰ কথা অস্বীকাৰ কৰে ৷ তেওঁলোকৰ মাত্ৰ ঝুমাক সহায় কৰিবলৈ চেষ্টা কৰাৰ কথাহে ব্যক্ত কৰে । অৱশ্যে এই ঘটনাৰ আঁৰত কোনো শিশু সৰবৰাহৰ চক্ৰ জড়িত আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Missing Child recovered: নেলীৰ পাহাৰত উদ্ধাৰ এটি কণমানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.