ETV Bharat / bharat

চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানৰ প্ৰগতিৰ প্ৰতিবেদন বিচাৰিছে পিএমঅ'ৰ বিশেষজ্ঞ দলে - Uttarkashi Rescue Update

বিগত ৯ দিন ধৰি চিল্কিয়াৰাত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষজ্ঞ দলে উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি আছে । আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সৰ নেতৃত্বত এটা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

PMO team asked for progress report
চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষজ্ঞ দলৰ
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 3:11 PM IST

নেশ্যনেল ডেস্ক,২০ নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ দুৰ্ঘটনাৰ নৱম দিন । যোৱা ৯ দিনে সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । চিল্কিয়াৰা সুৰংগৰ দুৰ্ঘটনাস্থলীত দেশ-বিদেশৰ বিশেষজ্ঞসকলো উপস্থিত হৈছে । সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে বিভিন্ন পৰিকল্পনা কৰা হৈছে । কিন্তু এতিয়ালৈকে সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

  • #WATCH | Uttarkashi (Uttarakhand) tunnel rescue operation | International Tunneling Expert, Arnold Dix says "It is looking good, but we have to decide whether it is actually good or is it a trap. It is looking very positive as we have the best experts in Himalayan geology with… pic.twitter.com/IcnmHjGfRw

    — ANI (@ANI) November 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰামৰ্শদাতা আৰু বিশেষজ্ঞৰ ৫ জনীয়া এটা দলে যোৱা তিনিদিন ধৰি চিল্কিয়াৰা সুৰংগৰ সমীপত শিবিৰ পাতি আছে । দলটোৰ নেতৃত্ব দিছে পিএমঅ'ৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰ খুলবে আৰু পিএমঅ'ৰ উপ সচিব মংগেশ ঘিলদিয়ালৰ লগতে অন্যান্য বিষয়াসকল । আৰভিএনএল, নৱযুগ, অ'এনজিচি, ৰাজ্যিক পিডব্লিউডি, বিআৰঅ' আৰু টিএইচডিচিৰ দলবোৰে দিনে-ৰাতিয়ে উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দলটোৱে উদ্ধাৰকাৰী দলসমূহক আবেদন জনাইছে যাতে তেওঁলোকে সোমবাৰে সন্ধিয়াৰ ভিতৰত উদ্ধাৰ অভিযান আৰু ইয়াৰ প্ৰগতিৰ প্ৰতিবেদন প্ৰকাশ কৰে ।

  • #WATCH | Uttarkashi (Uttarakhand) Tunnel rescue | Morning visuals from Silkyara Tunnel where 41 workers are stranded after a part of the tunnel collapsed on November 12.

    The former advisor of PMO Bhaskar Khulbe and Deputy Secretary of PMO Mangesh Ghildiyal appealed to all the… pic.twitter.com/1DYPqUzWmM

ইফালে উত্তৰকাশীৰ চিল্কিয়াৰাত উদ্ধাৰ অভিযানত আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সও জড়িত হৈ আছে । ডিক্সে কৈছে যে তেওঁ শ্ৰমিকসকলক সফলতাৰে উদ্ধাৰৰ আশা কৰিছে । কিন্তু বাস্তৱত এয়া কিমান সম্ভৱ হ'ব সেয়া লক্ষণীয় হ'ব । আৰ্নল্ডৰ মতে তেওঁৰ সৈতে উদ্ধাৰ অভিযানত হিমালয়ৰ ভূ-বিজ্ঞানৰ শ্ৰেষ্ঠ বিশেষজ্ঞসকলো আছে ।

আনহাতে ডিক্স আৰু তেওঁৰ উদ্ধাৰকাৰী দলে সুৰংগটোৰ ওপৰত ড্ৰিলিং কৰি আৱদ্ধ ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে । ডিক্সে দাবী কৰা মতে উদ্ধাৰ অভিযানৰ সময়ত যাতে আৱদ্ধ লোকসকলৰ কোনো ক্ষতি নহয় তাৰ প্ৰতি নজৰ দিয়া হ'ব । অৱশ্যে, আৰ্নল্ড ডিক্সে সুৰংগটোৰ ওপৰত ড্ৰিলিং কৰাটো অতি জটিল কাম বুলি বিবেচনা কৰিছে । দলটোৱে ইতিবাচক মানসিকতাৰে উদ্ধাৰ অভিযান চলাই আছে ।

লগতে পঢ়ক :উত্তৰকাশী সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কামৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.