ETV Bharat / bharat

India and Bharat controversy : জি-২০ৰ নামফলক আৰু পুস্তিকাত 'ইণ্ডিয়া'ৰ সলনি 'ভাৰত'ৰ ব্যৱহাৰ - Oppositions slams PM Modi

নতুন দিল্লীত আৰম্ভ হোৱা জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে 'ভাৰত' লিখা নামফলক ব্যৱহাৰ কৰাৰ ফলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ তীব্ৰ সমালোচনা মোডী চৰকাৰক ।

India and Bharat controversy
জি-২০ৰ নামফলক আৰু পুস্তিকাত 'ইণ্ডিয়া'ৰ সলনি 'ভাৰত'ৰ ব্যৱহাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:07 PM IST

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : 'ভাৰত' বনাম 'ইণ্ডিয়া'ক লৈ বিতৰ্ক অব্যাহত আছে । শাসকীয় পক্ষই সকলো ক্ষেত্ৰতে ভাৰত ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । জি-২০ বৈঠকতো চৰকাৰে যিমান সম্ভৱ 'ভাৰত' শব্দটো ব্যৱহাৰ কৰাত জোৰ দিছে । ইয়াৰ মাজতে জি-২০ বৈঠকৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত দেখা গ'ল 'ভাৰত' লিখা নামফলক । চৰকাৰৰ এই পদক্ষেপে বিৰোধী মিত্ৰজোঁট 'INDIA'ক পুনৰ এবাৰ উদ্বিগ্ন কৰি তুলিছে ।

ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন সাংসদ তথা চিপিএমৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হান্নান মোল্লাই ইটিভি ভাৰতক কয় যে বিজেপি চৰকাৰ স্বৈৰাচাৰী হৈ পৰিছে । তেওঁলোকে যি বিচাৰে সেয়া কৰে । নেতাগৰাকীয়ে অভিযোগ কৰা মতে 'ইণ্ডিয়া' আৰু 'ভাৰত'ৰ মাজত হোৱা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে 'ভাৰত' নামফলক ব্যৱহাৰ কৰাৰ কাৰ্যই দেখুৱায় যে এই দলে গণতন্ত্ৰ আৰু বিৰোধী দলক সন্মান নকৰে ।

কংগ্ৰেছৰ লোকসভা সাংসদ আব্দুল খালেকে ইয়াক শাসকীয় বিজেপিৰ দ্বাৰা উপহাস বুলি অভিহিত কৰিছে । তেওঁৰ মতে বিশ্বই আমাৰ দেশক ইণ্ডিয়া বুলি জানে । সংবিধানত ইণ্ডিয়াৰো বিশেষভাৱে উল্লেখ আছে । এয়া কেৱল নিৰ্বাচনৰ পৰাজয় লুকুৱাবলৈ বিজেপি চৰকাৰৰ এক কৌশল বুলিও খালেকে অভিযোগ কৰে ।

উল্লেখ্য যে বিদেশী প্ৰতিনিধিসকলৰ বাবে নিৰ্ধাৰিত জি-২০ পুস্তিকাত 'ভাৰত' ব্যৱহাৰ কৰা হৈছে যাৰ শিৰোনাম আছে "ভাৰত, গণতন্ত্ৰৰ মাতৃ"। পুস্তিকাখনত উল্লেখ কৰা হৈছে যে ভাৰত হৈছে দেশৰ চৰকাৰী নাম । ১৯৪৬-৪৮ চনৰ আলোচনাৰ লগতে সংবিধানতো ইয়াক উল্লেখ কৰা হৈছে ।

জি-২০ বৈঠকৰ ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণী পত্ৰত প্ৰথমে ভাৰত শব্দটো ব্যৱহাৰ কৰা হৈছে । 'President of India'ৰ সলনি তাত লিখা হৈছিল 'President of Bharat'। লগে লগে দেশজুৰি বিতৰ্ক আৰম্ভ হয় । ইফালে ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া সংসদৰ আগন্তুক বিশেষ অধিৱেশনত 'ইণ্ডিয়া'ৰ সলনি দেশৰ নাম 'ভাৰত'ৰ বাবে কেন্দ্ৰই এক প্ৰস্তাৱ অনাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক :G20 Summit in India : বিশ্বাসৰ ঘাটি দূৰ কৰিবলৈ মানৱতাবাদী দৃষ্টিভংগীৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.