ETV Bharat / bharat

অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী : মোডীয়ে উন্মোচন কৰিব বাজপেয়ীক লৈ লিখা গ্ৰন্থ - ভাৰত ৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আজি 96 তম জন্ম বাৰ্ষিকী

অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্মবাৰ্ষিকী উপলক্ষে উন্মোচন হ'ব বাজপেয়ীৰ ওপৰত ৰচনা কৰা গ্ৰন্থ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পাছত গ্ৰন্থখন উন্মোচন কৰিব ৷ বাজপেয়ীৰ জীৱন, কৰ্মৰাজিৰ লগতে ভাষণ আৰু ৰাজহুৱা জীৱনৰ ছবি সন্নিৱিষ্ট অটল বিহাৰী বাজপেয়ী নামৰ গ্ৰন্থখন লোকসভা সচিবালয়ে প্ৰকাশ কৰি উলিয়াইছে ৷

PM Modi to release book on Atal Bihari Vajpayee on Friday
অটল বিহাৰী বাজপেয়ীৰ 96 তম জন্ম বাৰ্ষিকী
author img

By

Published : Dec 25, 2020, 11:53 AM IST

নেচনেল ডেস্ক, 25 ডিচেম্বৰ : ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আজি 96 তম জন্ম বাৰ্ষিকী ৷ বাজপেয়ীৰ জন্মদিন উপলক্ষে উদযাপন কৰা সুশাসন দিৱসত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক লৈ লোকসভা সচিবালয়ে প্ৰকাশ কৰি উলিওৱা এখন গ্ৰন্থ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিব ৷

প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীক পুষ্পাঞ্জলী অৰ্পন কৰাৰ পাছতে মোডীয়ে 'অটল বিহাৰী বাজপেয়ী' নামৰ গ্ৰন্থখনি উন্মোচন কৰিব ৷ গ্ৰন্থ খনিত বাজপেয়ীৰ জীৱন আৰু কৰ্মৰাজিৰ উপৰিও তেওঁ সংসদত প্ৰদান কৰা কেবাটাও গুৰুত্বপূৰ্ণ ভাষণ সন্নিৱিষ্ট কৰা হৈছে ৷ জানিব পৰা মতে গ্ৰন্থ খনত বিজেপি নেতা গৰাকীৰ ৰাজহুৱা জীৱনৰ কেবাখনো ফটো সন্নিৱিষ্ট কৰা হৈছে ৷

নিজৰ নেতৃত্বৰ বলত ৰাইজৰ মৰম, ভালপোৱা, আশীৰ্বাদ, বিশ্বাস সকলো লাভ কৰিবলৈ সক্ষম হোৱা প্ৰয়াত অটল বিহাৰী বাজপেয়ী লোকসভালৈ 10 বাৰ আৰু ৰাজ্যসভালৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল ৷

এগৰাকী সাংসদ হিচাপে আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বাজপেয়ীৰ অৱদান অপৰিসীম ৷ ভাৰতৰ বাবে এক শক্তিশালী অৰ্থনীতি গঢ় দি দ্ৰুত উন্নয়নৰ বাবে দেশখনক খুউব কম সময়ৰ ভিতৰত সক্ষম কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ তেখেতৰ দূৰদৰ্শী পদক্ষেপৰ ফলতে ভাৰতে Golden Quadrilateral ৰ দৰে এক প্ৰকল্প লাভ কৰিবলৈ সক্ষম হৈছিল ৷

দেশৰ হকে আগবঢ়োৱা তেওঁৰ সেৱাৰ প্ৰতি সন্মান জনাই তেওঁক 2015 চনত দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা 'ভাৰত' ৰত্ন প্ৰদান কৰা হয় ৷ ইয়াৰ পূৰ্বে 1992 চনত তেওঁক পদ্ম বিভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ এগৰাকী সফল সাংসদ হিচাপে সন্মান জনাই তেওঁক 1994 চনত Pt. Govind Ballabh Pant বঁটা প্ৰদান কৰা হৈছিল ৷

1924 চনত 25 ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জন্ম লাভ কৰা বাজপেয়ীয়ে 2018 চনৰ 16 আগষ্টত All India Institute of Medical Sciences ত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

লগতে পঢ়ক:উত্তৰাখণ্ডৰ বিজেপি বিধায়ক মহেশ নেগীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.