ETV Bharat / bharat

Constitution Day of India : শুকুৰবাৰে সংবিধান দিৱসৰ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে

author img

By

Published : Nov 25, 2021, 12:03 PM IST

শুকুৰবাৰে সমগ্ৰ ভাৰততে উদযাপন কৰা হ'ব সংবিধান দিৱস(Constitution Day of India) । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল । ইয়াৰ পাচত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান বলৱৎ কৰা হয় । সংবিধান গৃহীত কৰা দিনটোৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০১৫ চনৰ ১৯ নৱেম্বৰত এই দিনটোক সংবিধান দিৱস হিচাপে ঘোষণা কৰা হয় ।

PM Modi to participate in Constitution Day celebrations
সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত হ'বলগীয়া সংবিধান দিৱসৰ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : ২৬ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে দেশজুৰি পালন কৰা হ'ব সংবিধান দিৱস(Constitution Day of India) । ৰাজধানী নতুন দিল্লীৰ সংসদ ভৱন আৰু বিজ্ঞান ভৱনত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Modi in Constitution Day programme) । সংসদ ভৱনৰ কেন্দ্ৰীয় হলত আয়োজিত অনুষ্ঠান দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব । প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষই ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ বক্তব্য শেষ হোৱাৰ পাচতে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিব(Indian President in Constitution Day programme) । সমগ্ৰ দেশবাসীয়ে এই অনুষ্ঠানৰ উপভোগ কৰিব পৰাকৈ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব । ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধান সভাৰ বিতৰ্কৰ ডিজিটেল সংস্কৰণ, ভাৰতৰ সংবিধানৰ কেলিগ্ৰাফ প্ৰতিলিপিৰ ডিজিটেল সংস্কৰণ আৰু ভাৰতৰ সংবিধানৰ এক উন্নীত সংস্কৰণ মুকলি কৰিব । এই সংস্কৰণত বৰ্তমানলৈকে হোৱা সকলো সংশোধনী অন্তৰ্ভুক্ত থাকিব । 'সাংবিধানিক গণতন্ত্ৰ' শীৰ্ষক অনলাইন কুইজ প্ৰতিযোগিতাও তেওঁ উদ্বোধন কৰিব ।

চৰকাৰী বিবৃতিত উল্লেখ থকা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে নতুন দিল্লীস্থিত বিজ্ঞান ভৱনৰ প্লেনেৰী হলত সন্ধিয়া ৫.৩০ বজাত উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত সংবিধান দিৱস(Constitution Day celebration in Delhi)ৰ দুদিনীয়া কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব ।

উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, সকলো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু জ্যেষ্ঠ ন্যায়াধীশ, ভাৰতৰ ছলিচিটৰ জেনেৰেল আৰু আইনী সংস্থাৰ বহু সদস্য অনুষ্ঠানটোত উপস্থিত থাকিব । প্ৰধানমন্ত্ৰীয়ে সংসদৰ কেন্দ্ৰীয় হলতো বক্তব্য আগবঢ়াব(PM Modi in Constitution Day programme) ।

উল্লেখ্য যে, ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন সংবিধান সভাই গৃহীত কৰিছিল ৷ তদুপৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান বলৱৎ কৰা হয় । সংবিধান গৃহীত কৰা দিনটোৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০১৫ চনৰ ১৯ নৱেম্বৰত এই দিনটোক সংবিধান দিৱস হিচাপে ঘোষণা কৰে ভাৰত চৰকাৰে ।

২০১০ চনৰ ২৬ নৱেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "সংবিধান গৌৰৱ যাত্ৰা" আৰম্ভ কৰিছিল । এইবাৰো বিজেপিয়ে ২৬ নৱেম্বৰৰ পৰা "সংবিধান গৌৰৱ যাত্ৰা" আৰম্ভ কৰিব ।

লগতে পঢ়ক: Former meghalaya CM mukul sangma joins TMC : 11 গৰাকী বিধায়কৰ সৈতে মুকুল চাংমাৰ TMC ত যোগদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.