ETV Bharat / bharat

PM Modi greets people: মাঘ বিহু উপলক্ষ্যে অসমবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা বাৰ্তা - PM Modi greets people

আজি মকৰ সংক্ৰান্তি ৷ স্থান বিশেষে দেশৰ ভিন্ন প্ৰান্তত ভিন্ন নামেৰে পালন কৰা হয় মকৰ সংক্ৰান্তি ৷ আজিৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তত পালিত পংগল, মাঘ বিহু আৰু মকৰ সংক্ৰান্তিৰ টুইটযোগে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) ৷

PM Modi greets people on Pongal Magh Bihu Makar Sankranti
ৰাইজলৈ শুভেচ্ছা বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
author img

By

Published : Jan 15, 2023, 12:17 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : দেওবাৰ অৰ্থাৎ 15 জানুৱাৰীৰ দিনা দেশজুৰি পালিত হৈছে পংগল, মাঘ বিহু আৰু মকৰ সংক্ৰান্তি ৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজলৈ পংগল, মাঘ বিহু আৰু মকৰ সংক্ৰান্তিৰ উপলক্ষ্যে সকলোকে পৃথকে পৃথকে সম্ভাষণ জনায় । অসমীয়া ভাষাতে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে "মাঘৰ শুভেচ্ছা থাকিল" বুলি টুইটটোত উল্লেখ কৰে ৷

আসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাজৰ প্ৰতিগৰাকী লোকৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰে ৷ পংগল পালন কৰিবলগীয়া লোকসকললৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনায় ৷ "আশাকৰোঁ এই উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ বন্ধন গভীৰ কৰি তুলিব আৰু আনন্দৰ পৰিৱেশ আৰু আগুৱাই নিব।’- টুইটযোগে এইদৰে কয় মোদীয়ে (PM Modi greets people on Magh Bihu) ।

"সকলোকে, বিশেষকৈ বিশ্বজুৰি তামিল জনসাধাৰণলৈ পংগলৰ শুভেচ্ছা জনায় (PM Modi greets people on Pongal)। এই উৎসৱে আমাৰ জীৱনলৈ সুখ-সম্প্ৰীতিৰ লগতে আৰু সুস্বাস্থ্য কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

মকৰ সংক্ৰান্তি পালন কৰিবলগীয়া সমাজখনলৈও প্ৰধানমন্ত্ৰীয়ে টুইটযোগে সম্ভাষণ জনায় (PM Modi greets people on Makar Sankranti)।

উল্লেখ্য যে, মকৰ সংক্ৰান্তি সূৰ্য দেৱতাৰ নামত উৎসৰ্গিত উৎসৱ হোৱাৰ বিপৰীতে ‘মাঘ বিহু’ হ’ল বাৰ্ষিকভাৱে শস্য চপোৱা উৎসৱ অৰ্থাৎ ইয়াক কৃষিৰ সৈতে জড়িত এটা উৎসৱ বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । একেদৰে পংগল হৈছে সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত চাৰিদিনীয়া শস্য চপোৱা উৎসৱ ।

লগতে পঢ়ক : Magh bihu in Assam : আজি ৰাজ্যজুৰি ভোগৰ ভোগালী উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.