ETV Bharat / bharat

Odishas First Vande Bharat Express : ওড়িশাৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি প্ৰধানমন্ত্ৰীৰ

author img

By

Published : May 18, 2023, 8:40 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ওড়িশাৰ বহু প্ৰতীক্ষিত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি কৰে (PM Modi Flags Off Vande Bharat Express in Odisha) । লগতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ওড়িশাত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও ৰে'ল প্ৰকল্পৰো শুভাৰম্ভণি কৰে ।

Odishas First Vande Bharat Express
Odishas First Vande Bharat Express

নিউজ ডেস্ক, ১৮ মে' : অপেক্ষাৰ অন্ত পেলাই ওড়িশাই লাভ কৰিলে বহু প্ৰতীক্ষিত বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা (Odishas 1st Vande Bharat Express) । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ওড়িশাৰ প্ৰথমখন আৰু বন্দে ভাৰত ৰে'ল সেৱাৰ ১৭ সংখ্যক সংস্কৰণটো ফ্লেগ-অফ কৰে (PM Modi Flags Off Vande Bharat Express in Odisha) । এই ৰে'ল সেৱা চলিব পুৰী আৰু হাওৰাৰ মাজত ।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উৰিষ্যাত ৮,০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও ৰে'লৱে প্ৰকল্প ৰাজ্যবাসীলৈ উৎসৰ্গা কৰাৰ পিচত অত্যাধুনিক যাত্ৰীৰ সুবিধাৰে সজ্জিত অতি-আধুনিক অৰ্ধ-উচ্চ গতিৰ এই ৰে'লখনৰ শুভাৰম্ভণি কৰে (Vande Bharat Express Between Puri and Howrah) ।

মোডীয়ে ওড়িশাৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ কটক আৰু পুৰী ৰে'ল ষ্টেচনৰ নৱীকৰণকে ধৰি কেইবাটাও পৰিৱৰ্তনশীল প্ৰকল্পৰ শুভাৰম্ভ কৰে । উল্লেখ্য, নৱনিৰ্মিত ষ্টেচনবোৰত ৰে'ল যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰা সকলো আধুনিক সুবিধা থাকিব ।

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া বন্দে ভাৰতে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে, ই ভাৰতৰ প্ৰগতিৰ গতিক প্ৰতিনিধিত্ব কৰে । ওড়িশা আৰু পশ্চিমবংগৰ লোকসকলে বন্দে ভাৰত ৰে'লৰ উপহাৰ লাভ কৰিছে, যিটো আধুনিক ভাৰত আৰু উচ্চাকাংক্ষী ভাৰতীয়সকলৰ প্ৰতীক । নিজৰ ভাষণ প্ৰসংগত মোডীয়ে কয় ।

বৰ্তমানৰ 'অমৃত কাল' হৈছে ভাৰতৰ ঐক্য অধিক শক্তিশালী কৰাৰ সময় বুলি উল্লেখ কৰি তেওঁ কয় যে যিমানেই একতা অধিক হ'ব, সিমানেই দেশৰ সামূহিক শক্তি বৃদ্ধি হ'ব । এই বন্দে ভাৰত ৰে'লসমূহে সেই মনোভাবেই প্ৰতিফলিত কৰিব বুলি তেওঁ কয় ।

উল্লেখ্য, ওড়িশাৰ ৰাজ্যপাল গণেশী লাল, মুখ্যমন্ত্ৰী নবীন পাটনায়ক (Odisha Chief Minister Naveen Patnaik), কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু স্থানীয় সাংসদ পিনাকী মিশ্ৰ আৰু বিধায়ক জয়ন্ত কুমাৰ সাৰংগীয়ে পুৰী ৰে'ল ষ্টেচনত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী নবীন পাটনায়কে কয় যে পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰাটো আনন্দৰ বিষয় । তেওঁ এই উদ্যোগৰ বাবে মোডীক ধন্যবাদ জনায় ।

16 টা ডবা বিশিষ্ট ছেমি-হাই স্পীডৰ এই ৰে'লখনৰ নিয়মীয়া চলাচল অহা 20 মে'ৰ পৰা আৰম্ভ হ'ব । ৰে'লখনে হাওৰা আৰু পুৰীৰ মাজৰ ৫০০ কিলোমিটাৰ দূৰত্ব প্ৰায় চাৰে ছয় ঘণ্টাত অতিক্ৰম কৰিব ।

এই সেৱা বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহত ছয়দিন উপলব্ধ হ'ব । পুৰী আৰু হাওৰাৰ মাজত খড়গপুৰ, বালাচোৰ, ভদ্ৰক, জাজপুৰ কেওনঝাৰ ৰোড, কটক, ভুৱনেশ্বৰ আৰু খুৰ্দা ৰোড- এই সাতটা ষ্টপেজ থাকিব । অৱশ্যে ৰে'লখন এই ষ্টেচনবোৰত কেৱল দুই মিনিটৰ বাবেহে ৰ'ব ।

লগতে পঢ়ক :International Museum Day : বিশ্ব সাংস্কৃতিক বিনিময়ৰ মাধ্যম হৈছে সংগ্ৰহালয়; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.