ETV Bharat / bharat

PM Modi off to Greece: গ্ৰীচ অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 10:24 AM IST

প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰী ক্ৰিয়াকোছ মিটচোটাকিছৰ আমন্ত্ৰণত গ্ৰীচলৈ ৰাওনা হয় । দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত তেওঁ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী মোডীক বিদায় দিবলৈ প্ৰবাসী ভাৰতীয়সকল বিমানবন্দৰত সমবেত হয় ।

PM Modi to Greece
গ্ৰীচ অভিমুখে ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট : গ্ৰীচ অভিমুখে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । দক্ষিণ আফ্ৰিকা ভ্ৰমণ সামৰি বৃহস্পতিবাৰে গ্ৰীচলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী । দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে আৰু বিশ্বৰ কেইবাগৰাকী নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । ক'ভিড-১৯ মহামাৰীৰ ফলত একেৰাহে ৩ বছৰ ভাৰ্চুৱেল বৈঠকৰ পাছত ব্ৰিকছ নেতাসকলৰ এয়া প্ৰথমখন আনুষ্ঠানিক সন্মিলন আছিল ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে সামাজিক মাধ্যমত উল্লেখ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ সফলভাৱে সমাপ্তি হৈছে । এই ভ্ৰমণে ব্ৰিকছ যাত্ৰাত এক নতুন অধ্যায় মুকলি কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যমত কয় যে তেওঁৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ যথেষ্ট ফলপ্ৰসূ আছিল । ব্ৰিকছ সন্মিলন অৰ্থপূৰ্ণ আৰু ঐতিহাসিক আছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, নেতাসকলে এই মঞ্চত নতুন দেশসমূহক আদৰণি জনাইছে । তেওঁ উল্লেখ কৰা মতে, গোলকীয় কল্যাণৰ বাবে তেওঁলোকে একেলগে কাম কৰি যাব । প্ৰধানমন্ত্ৰী মোডীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোচা, জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি তেওঁলোকৰ আতিথ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ এথেন্স ভ্ৰমণ গুৰুত্বপূৰ্ণ কিয়নো ১৯৮৩ চনৰ ছেপ্টেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গ্ৰীচ ভ্ৰমণৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰা নাছিল । আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণো অতি উল্লেখযোগ্য আছিল । তেওঁক জোহান্সবাৰ্গত বিশাল আদৰণি জনোৱা হৈছিল । তেওঁৰ ভ্ৰমণৰ সময়ত প্ৰৱাসী ভাৰতীয়সকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল ।

উল্লেখ্য যে, ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিকছৰ অন্যান্য নেতাসকলৰ সৈতে বিশ্বৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে । বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বান সমাধানৰ বাবেও ব্ৰিকছত আলোচনা কৰা হয় । প্ৰধানমন্ত্ৰী মোডীয়ে ব্ৰিকছ বিজনেছ ফ'ৰামৰ আলোচনাতো অংশগ্ৰহণ কৰে । ব্ৰিকছ বিজনেছ ফ'ৰামৰ নেতাৰ আলোচনাত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশখনত নিৰ্মাণৰত স্বামীনাৰায়ণ মন্দিৰৰ আৰ্হিও পৰিদৰ্শন কৰে ।

লগতে পঢ়ক :15 th BRICS summit : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ মোদীৰ, আমেৰিকাৰ অৰ্থ ব্যৱস্থাক সমালোচনা চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.