ETV Bharat / bharat

খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক MSMEত অন্তৰ্ভুক্ত: প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 3, 2021, 5:39 PM IST

কেন্দ্ৰীয় এমএছএমই (MSME)আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক এমএছএমই (MSME) হিচাপে অন্তৰ্ভুক্ত কৰাৰ সৈতে এমএছএমই (MSME)ৰ বাবে সংশোধিত নিৰ্দেশনা ঘোষণা কৰে । ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক যুগান্তকাৰী সিদ্ধান্তৰ আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi)।

pm-modi-calls-inclusion-of-retail-wholesale-trade-as-msmes-landmark-step
খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক MSMEত অন্তৰ্ভুক্ত কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ৩জুলাই : লঘু উদ্যোগত অন্তৰ্ভুক্ত হ'ল দেশৰ খুচুৰা (Retail) আৰু পাইকাৰী (Wholesale) ব্যৱসায় । কেন্দ্ৰীয় চৰকাৰে (Central government) ঘোষণা কৰা মতে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক মাইক্ৰ’, স্মল এণ্ড মিডিয়াম ইণ্ডাষ্ট্ৰিজৰ (MSME) অন্তৰ্ভুক্ত কৰা হৈছে । কেন্দ্ৰীয় এমএছএমই (MSME) আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Nitin Gadkari) শুকুৰবাৰে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ক এমএছএমই (MSME) হিচাপে অন্তৰ্ভুক্ত কৰাৰ সৈতে এমএছএমই (MSME)ৰ বাবে সংশোধিত নিৰ্দেশনা ঘোষণা কৰে ।

এই ঘোষণাৰ পিছকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) প্ৰতিক্ৰিয়া ব্যক্ত কৰে । প্ৰধানমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক এক যুগান্তকাৰী (Landmark) পদক্ষেপ বুলি অভিহিত কৰে । ব্যৱসায়ীসকলক ব্যৱসায় বৃদ্ধি কৰাৰ লগতে তেওঁলোকক যথেষ্ট লাভ সংগ্ৰহৰ সুবিধা প্ৰদান কৰিব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে (Tweet) উল্লেখ কৰা মতে বিজেপি নেতৃত্বধীন চৰকাৰ ব্যৱসায়ীসকলক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী (Nitin Gadkari)য়ে টুইট কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ নেতৃত্বত কেন্দ্ৰই এমএছএমই (MSME) শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকক অৰ্থনৈতিক বিকাশৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

গাডকাৰীয়ে লগতে কয় যে সংশোধিত নিৰ্দেশনাসমূহে ২.৫ কোটি খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীক লাভান্বিত কৰিব । খুচুৰা আৰু পাইকাৰী বাণিজ্য এমএছএমই (MSME)ৰ পৰিধিৰ পৰা বাদ পৰিছিল কিন্তু এতিয়া সংশোধিত নিৰ্দেশনাৱলীৰ অধীনত খুচুৰা আৰু পাইকাৰী বাণিজ্যয়ো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) নিৰ্দেশনাৱলীৰ অধীনত অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ সুবিধা লাভ কৰিব । সংশোধিত নিৰ্দেশনাৰ সৈতে খুচুৰা আৰু পাইকাৰী ব্যৱসায়বোৰক এতিয়া উদ্যম পঞ্জীয়ন পৰ্টেলত (Udyam Registration Portal) পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়া হ'ব ।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপে দেশজুৰি চৰ্চা লাভ কৰিছে । খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলো যথেষ্ট পৰিমাণে আনন্দিত হোৱা দেখা গৈছে । চৰকাৰৰ এনে পদক্ষেপক আদৰি লোৱাৰ উপৰিও কৰ'ণাৰ এনে জটিল পৰিস্থিতিৰ মাজতে ব্যৱসায়ীসকলৰ চিন্তা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় চৰকাৰক ।

লগতে পঢ়ক :এটা বছৰতে উত্তৰাখণ্ডত তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰ হাতলৈ শাসনৰ বাঘজৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.