ETV Bharat / bharat

Pramukh Swami Maharaj birth centenary: প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতবাৰ্ষিকীত উপস্থিত প্ৰধানমন্ত্ৰী - Pramukh Swami Maharaj

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে গুজৰাটৰ আহমেদাবাদৰ ওগঞ্জত মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতাব্দী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ অহা ১৫ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ আহমেদাবাদৰ চৰ্দাৰ পেটেল ৰিং ৰোডৰ কাষৰীয়া ‘প্ৰমুখ স্বামী মহাৰাজ নগৰ’ নামৰ ৬০০ একৰ ঠাইত প্ৰখ্যাত হিন্দু পুৰোহিতগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই উৎসৱ অনুষ্ঠিত হ’ব (Pramukh Swami Maharaj in Ahmedabad) ।

Pramukh Swami Maharaj birth centenary
Pramukh Swami Maharaj birth centenary
author img

By

Published : Dec 14, 2022, 7:27 PM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰ: বুধবাৰে গুজৰাটৰ আহমেদাবাদৰ ওগঞ্জত মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতাব্দী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi Gujarat visit) ৷ অহা ১৫ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ আহমেদাবাদৰ চৰ্দাৰ পেটেল ৰিং ৰোডৰ কাষৰীয়া ‘প্ৰমুখ স্বামী মহাৰাজ নগৰ’ নামৰ ৬০০ একৰ ঠাইত প্ৰখ্যাত হিন্দু পুৰোহিতগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই উৎসৱ অনুষ্ঠিত হ’ব (Pramukh Swami Maharaj in Ahmedabad) ।

বি এ পি এছ স্বামীনাৰায়ণ সংস্থাৰ মুখ্য কাৰ্যালয় শ্বাহীবাগস্থিত বি এ পি এছ স্বামীনাৰায়ণ মন্দিৰৰ উদ্যোগত আয়োজন কৰা হৈছে ‘প্ৰমুখ স্বামী মহাৰাজ শতবাৰ্ষিকী উৎসৱ’ (Pramukh Swami Maharaj centenary) । ইয়াত দৈনিক বিভিন্ন অনুষ্ঠান, বিষয়ভিত্তিক প্ৰদৰ্শনী আৰু চিন্তা-উদ্দীপক সভা অনুষ্ঠিত হ’ব । বি এ পি এছ স্বামীনাৰায়ণ সংস্থাৰ নেতা হিচাপে প্ৰমুখ স্বামী মহাৰাজে লাখ লাখ লোকক সহায় আৰু আদৰ কৰাৰ লগতে অগণন সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক পদক্ষেপক অনুপ্ৰাণিত কৰিছিল ।

তেওঁৰ প্ৰকৃত নাম আছিল শান্তিলাল পেটেল । গুণতীতানন্দ স্বামী, ভগতজী মহাৰাজ, শাস্ত্ৰীজী মহাৰাজ আৰু যোগীজী মহাৰাজৰ পিছত তেওঁক স্বামীনাৰায়ণৰ পঞ্চম আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে বি এ পি এছে গণ্য কৰে ।

১৯০৭ চনত শাস্ত্ৰীজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল BAPS স্বামীনাৰায়ণ সংস্থা । বেদৰ শিক্ষাৰ আধাৰত আৰু আধ্যাত্মিকতাৰ স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত বিএ পি এ ছে আধ্যাত্মিক, নৈতিক আৰু সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ বহু দূৰলৈ হাত আগবঢ়াইছিল (PM Modi attends birth centenary celebration)। বি এ পি এছৰ লক্ষ্য হৈছে বিশ্বাস, ঐক্য আৰু নিস্বাৰ্থ সেৱাৰ মূল্যবোধক ৰক্ষা কৰা আৰু জীৱনৰ সকলো স্তৰৰ লোকৰ আধ্যাত্মিক, সাংস্কৃতিক, শাৰীৰিক আৰু আৱেগিক প্ৰয়োজনীয়তা পূৰণ কৰা ।

Pramukh Swami Maharaj birth centenary
প্ৰমুখ স্বামী মহাৰাজৰ জন্ম শতবাৰ্ষিকীত উপস্থিত প্ৰধানমন্ত্ৰী

২১০০ স্বেচ্ছাসেৱকৰ দলে প্ৰস্তুত কৰিছে প্ৰমুখ জ্যোতি উদ্যান ৷ উৎসৱ স্থানত সাতটা প্ৰৱেশদ্বাৰ, প্ৰৱেশদ্বাৰৰ কাষত ৮ ফুট উচ্চতাৰ সন্তৰ মূৰ্তি স্থাপন কৰা হৈছে ৷ ৪০ ফুট বহল আৰু ১৫ ফুট উচ্চতাৰ পেডেষ্টেলত স্থাপন কৰা হৈছে স্বামী মহাৰাজৰ ৩০ ফুট উচ্চতাৰ সোণৰ মূৰ্তি । উৎসৱ থলীত দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধমৰ বহু ফুট উচ্চতাৰ মহামন্দিৰৰ আৰ্হিত নিৰ্মিত ১৮০ ফুট বহল মঞ্চত ৩০০ৰো অধিক শিশু আৰু যুৱ শিল্পীয়ে পোহৰ আৰু শব্দৰ প্ৰদৰ্শনীত অনুষ্ঠান পৰিৱেশন কৰিব (Centenary celebration of Pramukh Swami Maharaj)।

ইয়াৰ উপৰি প্রমুখ স্বামী মহাৰাজৰ জীৱনী প্রদর্শন কৰা বালনগৰীখনো শিশুৰ মাজত নৈতিক প্রমূল্যবোধৰ বীজ সিঁচিবলৈ প্রতিষ্ঠা কৰা হৈছে ৷ খোৱাপানীৰ পৰা আৰম্ভ কৰি শৌচাগাৰ, স্বাস্থ্য কেন্দ্ৰ, পুথিভঁৰাল আৰু ক্ৰীড়াক্ষেত্ৰ আদি সকলো মৌলিক সা-সুবিধা সভাস্থলীত স্থাপন কৰা হৈছে । সাধাৰণ মানুহৰ উপৰিও আনুমানিক ৮০ হাজাৰ স্বেচ্ছাসেৱকে এই উৎসৱত যোগদান কৰিব ।

বিশেষ অনুষ্ঠানটোৰ বাবে 'পি এছ এম ১০০' নামৰ এটা অনলাইন মোবাইল এপ্লিকেচন স্থাপন কৰা হৈছে । এই এপটোৱে দৰ্শনাৰ্থীৰ বাবে পাৰ্কিং, ট্ৰেভেল গাইডেন্স আৰু কিউআৰ ক’ডৰ সুবিধা প্ৰদান কৰিব । পাঁচটা প্ৰদৰ্শনী হল - সাহাজানন্দ, মুক্তানন্দ, নিত্যানন্দ, বৰ্তনন্দ আৰু পৰমানন্দ, স্থাপন কৰা হৈছে য'ত লাখ লাখ দৰ্শকে বিভিন্ন উপস্থাপন চাব পাৰিব ।

লগতে পঢ়ক: BJP Parliamentary Party meeting: বিজেপিৰ সংসদীয় দলৰ প্ৰথমখন বৈঠক আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.