নেশ্যনেল ডেস্ক, 16 অক্টোবৰ : কৰ্ণাটকৰ হাছানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Horrific Accident in Karnataka)৷ মঞ্জুনাথ স্বামী দৰ্শন কৰিবলৈ যোৱা একে পৰিয়ালৰ 9 জন লোকৰ মৃত্যু হয় ৷ শিমোগা-আৰাছেইকৰেৰ ৬৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (National Highway 69 in Shimoga Araseikere) হাছান জিলাৰ আৰাচেইকেৰ তালুকৰ গান্ধী নগৰ গাঁৱৰ ওচৰত শনিবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হয় (Road accident in Karnataka)৷
জানিব পৰামতে এটা পৰিয়ালে টি টি বাহন আৰু কে আৰ টিচি বাহন এখন ভাড়া কৰি দক্ষিণ কান্নাড়া জিলাৰ প্ৰসিদ্ধ ধৰ্মস্থলী মঞ্জুনাথ দৰ্শনৰ বাবে আহিছিল ৷ আহি থকাৰ পথতে কে এছ আৰ টি টি বাহন আৰু টেংকাৰ এখন মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত টেকংৰাখনৰ খুন্দাত ভাগি চুৰমাৰ হয় যাত্ৰীবাহী বাছখন ৷ ইফালে টেংকাৰখন আৰু বাছৰখনৰ মাজত টিটিবাহনখন সোমাই প্ৰায় চেপেটা হৈ যায় ৷
এই দুৰ্ঘটনাত থিতাতে নিহত হয় 9 জনলৈ লোক ৷ আনহাতে বাছখনত থকা বাকী 18 গৰাকী যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷ মৃত লোককেইজন হৈছে লীলাৱতী (৫০), চৈত্ৰ (৩৩), সমৰ্থ (১০), ডিম্পী (১২), তন্ময় (১০), ধ্ৰুৱ (২), বন্দনা (২০), ডোডায়া (৬০) আৰু ভাৰতী (৫০)৷ ঘটনাটোত আহত সকলক হাছান জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (18 injured in Karnataka bus accident )৷
দুৰ্ঘটনাটোক খবৰ পোৱাৰ লগেলগে বানাভাৰা আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে (Police rescued body in Karnatka) ৷ আৰক্ষীয়ে সম্প্ৰতি মৃতদেহকোইটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য য দুৰ্ঘটনাৰ সময়ত বাছখনত যাত্ৰীসকলে টোপনিত লালাকাল দি আছিল ৷
এই ঘটনাই পৰিয়ালটোত শোকৰ ছাঁ পেলাইছে ৷ এনেদৰে একেটা পৰিয়ালৰ মৃত্যুত ওচৰ চুবুৰীয়াইও দুখ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: World Spine Day 2022: কিয় ১৬ অক্টোবৰত পালন কৰা হয় বিশ্ব মেৰুদণ্ড দিৱস ?