ETV Bharat / bharat

সংসদৰ নিৰাপত্তা উলংঘন গোচৰৰ আন এক ৰহস্য ফাদিল - Narco test

১৩ ডিচেম্বৰত সংঘটিত সংসদৰ নিৰাপত্তা উলংঘন ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী আছিল মনোৰঞ্জন ডি (Parliament breach probe mastermind)। অভিযুক্তৰ নাৰ্কো টেষ্টৰ পাছতে এই কথা পোহৰলৈ আহিছে । ৫ অভিযুক্তৰ পলিগ্ৰাফ, নাৰ্কো টেষ্ট আৰু ব্ৰেইন মেপিং কৰা হৈছিল ।

Parliament breach probe
সংসদৰ নিৰাপত্তা উলংঘন গোচৰৰ আন এক ৰহস্য ফাদিল
author img

By PTI

Published : Jan 14, 2024, 8:29 AM IST

নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : শেহতীয়াকৈ দিল্লীৰ সংসদৰ নিৰাপত্তা উলংঘনৰ ৫ জন অভিযুক্তক তেওঁলোকৰ পলিগ্ৰাফ, নাৰ্কো টেষ্ট আৰু ব্ৰেইন মেপিং কৰা হৈছিল । নাৰ্কো টেষ্টৰ পাছতে এই গোচৰটোৰ এক নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীৰ এক সূত্ৰৰ মতে মনোৰঞ্জন ডি আছিল ঘটনাটোৰ মূল ষড়যন্ত্ৰকাৰী । ইয়াৰ পূৰ্বে আৰক্ষীয়ে কৈছিল যে ১৩ ডিচেম্বৰৰ ঘটনাটোৰ মূল ষড়যন্ত্ৰকাৰী আছিল ললিত ঝা ।

ঘটনাৰ ৬ অভিযুক্ত ক্ৰমে সাগৰ শৰ্মা, মনোৰঞ্জন ডি, অমল চিন্দে, নীলম আজাদ, ললিত ঝা আৰু মহেশ কুমাৱতক শনিবাৰে পাটিয়ালা হাউচ আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষী সূত্ৰৰ মতে নীলমৰ বাহিৰে আন ৫ জন অভিযুক্তক ৮ ডিচেম্বৰত পলিগ্ৰাফ পৰীক্ষাৰ বাবে গুজৰাটলৈ লৈ যোৱা হৈছিল । সাগৰ আৰু মনোৰঞ্জনৰ অতিৰিক্ত নাৰ্কো টেষ্ট আৰু ব্ৰেইন মেপিং টেষ্টো কৰা হৈছে । নীলমে আদালতৰ সন্মুখত পৰীক্ষাৰ বাবে সন্মতি দিয়া নাছিল ।

এতিয়ালৈকে চলা অনুসন্ধান আৰু জেৰাৰ পৰা গম পোৱা গৈছে যে অভিযুক্ত কেইজনে চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছিল । অভিযুক্তসকলে প্ৰকাশ কৰিছে যে তেওঁলোক নিবনুৱা, মণিপুৰ সংকট আৰু কৃষক আন্দোলনৰ বিষয়ত অসন্তুষ্ট আছিল । ইফালে নাৰ্কো আৰু ব্ৰেইন মেপিং টেষ্টে ইংগিত দিছে যে মনোৰঞ্জন সংসদ উলংঘন গোচৰৰ মূল ষড়যন্ত্ৰকাৰী আছিল ।

আন এক সূত্ৰৰ মতে অনুসন্ধানকাৰীসকলে কিছুমান ফৰেনচিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে আৰু আৰু কেইজনমান লোকক এতিয়াও সোধা-পোছা কৰা হোৱা নাই ।

লগতে পঢ়ক :সংসদৰ নিৰাপত্তা উলংঘন গোচৰ, অভিযুক্তৰ কৰা হ'ব পলিগ্ৰাফ, নাৰ্কো আৰু ব্ৰেইন মেপিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.