নতুন দিল্লী, 5 নৱেম্বৰ: পাকিস্তানৰ ধাৰ্মিক পৰিক্ৰমা মন্ত্ৰণালয়ে নৱেম্বৰ 3 তাৰিখে কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহেবৰ ব্যৱস্থাপনা ক্ষমতা কাঢ়ি লয় ৷ শিখ গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ পৰা এই অধিকাৰ কাঢ়ি ইভাকু ট্ৰাষ্ট প্ৰপাৰ্টি বোৰ্ডক (ইটিপিবি) ক অৰ্পন কৰে ৷ উল্লেখ্য যে ইটিপিবিয়ে পাকিস্তানত হিন্দু আৰু শিখ সকলৰ ধৰ্মীয় সম্পত্তি আৰু স্থানসমূহৰ ব্যৱস্থাপনাৰ বাবে কাম কৰে ৷
নৱেম্বৰ 3 তাৰিখে প্ৰকাশিত এক বিভাগীয় নিৰ্দেশত কোৱা হৈছে যে কেবিনেটৰ ইচিচি ৰ দ্বাৰা কৰতাৰপুৰ কৰিডৰ প্ৰকল্প ব্যৱস্থাপনা ইউনিট আৰু কেবিনেটৰ ৰ অনুমোদন স্বৰূপে ইটিবিপি ৰ অধীনত কৰতাৰপুৰ গুৰুদ্বাৰা ব্যৱস্থাপনাৰ বাবে এক প্ৰকল্প ব্যৱস্থাপনা ইউনিট স্থাপন কৰা হ'ব ৷ এই প্ৰকল্প ৰূপায়নৰ বাবে 9 গৰাকী বিষয়া আৰু সদস্যক কৰতাৰপুৰ প্ৰকল্প ব্যৱস্থাপনা ইউনিটত তালিকাভুক্ত কৰা হৈছে ৷
ভাৰতৰ শিৰোমনি আকালি দলে ক্ষমতা সালসলনিৰ এই কাৰ্যক গৰিহণা দিছে ৷ দলটোৰ উপ সভাপতি গৰাকীয়ে এক বিবৃতিযোগে কয় যে আকালি দলে এগৰাকীও শিখ সদস্যক নৰখাকৈ গুৰুদ্বাৰা দৰবাৰ চাহিবৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ ভাৰ এনেকৈ ইটিপিবি ক হস্তান্তৰ কৰা কাৰ্যক গৰিহণা দিছে ৷ পাকিস্তানৰ এই সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে সিদ্ধান্ত প্ৰত্যাৱৰ্তনৰ বাবেও আকালি দলে দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক: 6 নৱেম্বৰত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ বৈঠক