ETV Bharat / bharat

WFI Sexual Harassment Issue: WFI মুৰব্বীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ সময়সীমা দুসপ্তাহলৈ বৃদ্ধি - Oversight Committee for sexual harassment case

ক্ৰীড়া সংস্থাটোৰ দৈনন্দিন কাৰ্যকলাপ চলাই থকা সমিতিখনক চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল । মন্ত্ৰালয়ে সমিতিৰ সদস্যসকলৰ অনুৰোধৰ পিচত সময়সীমা বৃদ্ধি কৰে । যাৰ ফলত সমিতিখনে ৯ মাৰ্চৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব (Sexual harassment allegation against WFI chief)।

WFI Sexual Harassment Issue
WFI Sexual Harassment Issue
author img

By

Published : Feb 23, 2023, 8:53 PM IST

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : ক্ৰীড়া মন্ত্ৰালয়ে (Sports Ministry of India) ডব্লিউএফআইৰ (Wrestling Federation of India) সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ (WFI president Brij Bhushan Sharan Singh) বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ পৰ্যবেক্ষণ সমিতিক দিয়া সময়সীমা দুসপ্তাহলৈ বৃদ্ধি কৰিছে । কিংবদন্তী বক্সাৰ এম চি মেৰী কমৰ নেতৃত্বত ২৩ জানুৱাৰীত দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলে কৰা দাবীৰ তদন্তৰ বাবে সমিতিখন গঠন কৰা হৈছিল । অভিযোগ আছিল যে, ব্ৰজ ভূষণে কেইবাগৰাকীও মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰিছে আৰু খেলুৱৈসকলক ভয় খুৱাইছে (sexual harassment allegation against WFI chief) ।

উল্লেখ্য যে, মল্লযোদ্ধাসকলে 'ভুক্তভোগী'সকলৰ নাম প্ৰদান কৰা নাছিল । পূৰ্বতে ক্ৰীড়া সংস্থাটোৰ দৈনন্দিন কাৰ্যকলাপ চলাই থকা সমিতিখনক চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল । কিন্তু মন্ত্ৰালয়ে সমিতিৰ সদস্যসকলৰ অনুৰোধৰ পিচত এই সময়সীমা বৃদ্ধি কৰে আৰু বৰ্তমান সমিতিখনে ৯ মাৰ্চৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব (sexual harassment allegations against WFI chief) ।

ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, "ক্ৰীড়া মন্ত্ৰালয়ে কৰা অনুৰোধৰ পিচত ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে পৰ্যবেক্ষণ সমিতিক এই সময়সীমা দুসপ্তাহৰ বাবে সম্প্ৰসাৰণ কৰা হৈছে (Oversight Committee for sexual harassment case in WFI) ।" উল্লেখ্য, বজৰং পুনিয়া, বিনেশ ফোগাট, ৰবি দাহিয়া আৰু সাক্ষী মালিককে ধৰি শীৰ্ষ ভাৰতীয় মল্লযোদ্ধাসকলে নতুন দিল্লীৰ যন্তৰ-মন্তৰত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত মন্ত্ৰালয়ে পেনেল গঠন কৰিবলৈ বাধ্য হয় । ব্ৰজ ভূষণক শীৰ্ষ পদৰ পৰা আঁতৰাই পঠোৱা আৰু ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়াত তেওঁক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছিল তেওঁলোকে ।

উল্লেখ্য যে, বিজেপি সাংসদজনক তেওঁৰ ওপৰত দাখিল হোৱা অসদাচৰণৰ অভিযোগৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁক আঁতৰি থাকিবলৈ কোৱা হৈছিল । মেৰী কমৰ নেতৃত্বত গঠিত সমিতিখনত প্ৰাক্তন মল্লযোদ্ধা যোগেশ্বৰ দত্ত, প্ৰাক্তন শ্বাটলাৰ ত্ৰুপ্তি মুৰ্গুণ্ডে, ছাই সদস্য ৰাধিকা শ্ৰীমান ৰাজেশ ৰাজাগোপালন আৰু টাৰ্গেট অলিম্পিক পোডিয়াম আঁচনিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ তথা কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী ববিতা ফোগাট ইয়াৰ সদস্য হিচাপে আছে ।

ইফালে সমিতিখন গঠন হোৱাৰ পিছৰে পৰা শীৰ্ষ ভাৰতীয় মল্লযোদ্ধাসকলে আন্তৰ্জাতিক প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই । এই সময়ছোৱাত জাগ্ৰেব আৰু আলেকজেন্দ্ৰিয়াত অনুষ্ঠিত UWW Ranking Series-ৰ দৰে ইভেণ্টবোৰ হেৰুৱাইছে ভাৰতীয় খেলুৱৈসকলে । আনহাতে, ক্ৰীড়াৰ বিশ্ব নিয়ন্ত্ৰক সংস্থা UWW-এ শীৰ্ষ মল্লযোদ্ধাসকলৰ অভিযোগৰ উদ্ধৃতি দি ভাৰতৰ পৰা এছিয়ান চেম্পিয়নশ্বিপৰ আতিথ্যৰ অধিকাৰ কাঢ়ি লোৱা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক :Akhil Gogoi appears before NIA court: কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ অখিল গগৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.