ETV Bharat / bharat

দিল্লীত ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিকাণ্ড

author img

By

Published : Jun 13, 2021, 2:30 PM IST

দক্ষিণ-পূৱ দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ' ষ্টেচনৰ সমীপৰ ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভষ্মীভূত ৫০ টাতকৈও অধিক অস্থায়ী ঘৰ ৷ ঘটনাত হতাহত হোৱা নাই কোনো লোক ৷

Over 50 shanties of Rohingya refugees gutted in fire in Delhi; no casualty
দিল্লীত ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিকাণ্ড

নিউজ ডেস্ক, 13 জুন: দক্ষিণ-পূৱ দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ' ষ্টেচনৰ সমীপৰ এটা ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত সংঘটিত অগ্নিকাণ্ডত ৫০ টাতকৈও অধিক অস্থায়ী ঘৰ ভষ্মীভূত হয় ৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলিও জানিব পৰা গৈছে ৷

এই অগ্নিকাণ্ডৰ সুত্ৰপাত শনিবাৰে নিশা সংঘটিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে নিশা প্ৰায় ১১.৫৫ বজাত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

কালিন্দী কুঞ্জ মেট্ৰ' ষ্টেচনৰ ওচৰত মদনপুৰ খাদৰৰ ওচৰত পাঁচখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল । অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ প্ৰচেষ্টাত পুৱা প্ৰায় ৩ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হয় ৷ এজন জ্যেষ্ঠ অগ্নি নিৰ্বাপক বিষয়াই জানিবলৈ দিছে এই কথা ।

আৰক্ষীয়ে জনোৱা অনুসৰি, কালিন্দী কুঞ্জ আৰক্ষী থানাত ৰোহিংগীয়া শিবিৰত অগ্নিকাণ্ড সন্দৰ্ভত এটা পিচিআৰ ফোনকল লাভ কৰা হৈছিল । যাৰ পাছত আৰক্ষীৰ লোকে তাৎক্ষণিক ভাৱে উক্ত স্থানত উপস্থিত হয় ৷

লগতে পঢ়ক: মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.