নেছনেল ডেস্ক,8 এপ্ৰিল : বুধবাৰে মিজোৰামৰ দুটা অঞ্চলত 152 লাখতকৈও অধিক মূল্যৰ হেৰ’ইন জব্দ কৰা হয় । আছাম ৰাইফলছ, মিজোৰাম আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ যুটীয়া অভিযানত আইজলৰ হান্থাৰ অঞ্চলৰ দুটা পৃথক এলেকাত 372 গ্ৰামতকৈও অধিক হেৰ’ইন জব্দ কৰে ৷ মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগ আৰু আছাম ৰাইফলছৰ এই অভিযানত 33,75,000 টকা মূল্যৰ ৭৫ গ্ৰাম 4-নং হেৰ’ইন উদ্ধাৰ কৰে । ড্ৰাগছৰ ক’লা বেপাৰত পাঁচজন ব্যক্তিক আটক কৰে ৷ ব্যক্তিকেইজন ক্ৰমে মন্থাংগী (53), বিয়াকচুংগুয়াগী (37), জুংথাংগা (37), এইচ লালৰিনমাৱিয়া (36), আৰু চল্টলানহুৱা (25) ৷
ইয়াৰোপৰি, ম্যানমাৰ সীমান্তৰ জোকাৱথাৰ গাঁৱৰ পৰাও অভিযানকাৰীৰ এটা দলে জব্দ কৰে 297.1 গ্ৰাম 4-নং হেৰ’ইন ৷ জব্দ হোৱা ড্ৰাগছৰ বজাৰ মূল্য হৈছে 1,18,84,000 টকা ৷ এই সন্দৰ্ভত ম্যানমাৰৰ ডালখানমুংগা (33) নামৰ এজন ব্যক্তিক আটক কৰে অভিযানকাৰী দলে ৷ আটক কৰা সকলৰ বিৰুদ্ধে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট 1985-ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ দোষী সাব্যস্ত হ'লে 2 লাখ টকা জৰিমনা সহ 20 বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব অভিযুক্ত সকল ।
লগতে পঢ়ক : মিজো দুৰ্বৃত্তৰ অসমৰ ভূমি অবৈধ দখল অব্যাহত